থ্ৰিলাৰ কাহিনী
বায়ুগ্ৰস্ত_নিহন্তা
(১)
১৪ ফেব্ৰুৱাৰী, প্ৰেমৰ কাৰণে উৎসৰ্গিত এক বিশেষ দিন। অৱশ্যে সাগৰিকাৰ বাবে এই দিনটো আন এটা কাৰণতহে বিশেষ দিন। কাৰণ আজিৰ দিনটোতেই তাইৰ জন্মদিন।কিন্তু এই বিশেষ দিনটোত মনটো অলপ গোমা সাগৰিকাৰ।
সাগৰিকাৰ স্বামী নবাৰুণ বৰুৱা পুলিচৰ এজন উচ্চ পদৰ বিষয়া।নবাৰুণৰ সৈতে এখন সুখৰ সংসাৰ সাগৰিকাৰ। নবাৰুণৰ সৈতে প্ৰেম বিবাহ তাইৰ। সাগৰিকাৰ দেউতাকেও পুলিচত চাকৰি কৰিছিল। সেই সুবাদতে নবাৰুণৰ সৈতে চিনাকি হৈছিল তাইৰ। সেই চিনাকিয়েই পাছলৈ গৈ প্ৰেমৰ ৰূপ লৈছিল আৰু পাছলৈ দুয়োখন ঘৰৰ সন্মতিত বিয়া হৈছিল নবাৰুণ আৰু সাগৰিকাৰ। ইতিমধ্যেই দুয়োৰে বিয়া হোৱাৰ প্ৰায় তিনিবছৰ পাৰ হৈছে। প্ৰাণভৰি ভাল পায় দুয়ো দুয়োকে। মৰম-ভালপোৱাৰ আৱৰণেৰে ঢাকি ৰাখিব খোজে এজনে আনজনক। সাগৰিকাৰ সৰু সুৰা অভিমানবোৰৰ বাহিৰে আন কোনো জটিলতা নাই সিহঁতৰ দুজনীয়া সংসাৰখনত। অৱশ্যে সেইয়াও খন্তেকীয়া। কেতিয়াবা কিবা কথাত তাই অভিমান কৰিলেও অতি সহজেই সাগৰিকাৰ মনটো জয় কৰি লয় নবাৰুণে।
ড্ৰয়িং ৰুমৰ ৱাল ক্লকটোৱে আঠ বজাৰ সংকেত দিলে। সময়বোৰ যিমানেই পাৰ হৈ গৈ থাকিল সিমানেই খঙটো বাঢ়ি গৈ থাকিল সাগৰিকাৰ।আবেলিৰ পৰা এতিয়ালৈকে নবাৰুণলৈ দহবাৰৰ ওপৰত ফোন লগালে সাগৰিকাই। কিন্তু কলবেক কৰাটো বাদেই ফোনটো ৰিচিভ কৰি ব্যস্ত আছো বুলি কবলৈকো সময় নাই নবাৰুণৰ। পুলিচৰ চাকৰি কৰা মানুহ মানেই যথেষ্ট ব্যস্ত মানুহ, ইচ্ছা কৰিও তেওঁলোকে পৰিয়ালক বেছি সময় দিব নোৱাৰে। সৰুৰে পৰা দেউতাকক আৰু এতিয়া নবাৰুণক দেখি দেখি সেই কথা ভালদৰেই বুজা হৈছে সাগৰিকাই। ততসত্বেও কেতিয়াবা সাগৰিকাৰ খং উঠে। তাইতো নবাৰুণক সকলো সময়তেই নিজৰ কাষত নিবিচাৰে।বাৰ্থ দে, এনিভাৰচেৰি এই দিনকেইটাটো সি তাইৰ কাৰণে কিছু সময় উলিয়াব পাৰে।সাগৰিকাই ভাবিছিল আজিৰ দিনটোত অন্ততঃ নবাৰুণ ঘৰলৈ সোনকালে ওভতি আহিব, দুয়োটা কৰবাত ফুৰিবলৈ ওলাই যাব,অলপ ভালকৈ মনৰ কথা পাতিব। কিন্তু সাগৰিকাৰ আশাত চেঁচাপানী ধালিলে নবাৰুণে। ঘৰলৈ সোনকালে ওভতাটো বাদেই পুৱা ওলাই যাওতে সগৰিকাক উইছ কৰিবলৈও পাহৰি গ'ল সি। ড্ৰয়িং ৰুমটোত অকলে অকলে বহি বহি আমনি লাগি গ'ল সাগৰিকাৰ।খঙত আজি কিটছেনতো সোমাবলৈ মন নগ'ল তাইৰ।
"পুলিচৰ চাকৰি অকল তেওঁহে কৰিছে আৰু"। মুখেৰে ভোৰভোৰাই আকৌ এবাৰ নবাৰুণৰ নম্বৰটো ডায়েল কৰিলে তাই। অলপ দেৰি ৰিং হোৱাৰ পাছত এইবাৰ সহাৰি জনালে নবাৰুণে।
"ওমম কোৱা।" নবাৰুণৰ মাতটো ভাহি আহিল।
"আজি কি তাৰিখ।" বেলেগ কথাৰ অৱতাৰণা নকৰাকৈ চিধাই প্ৰশ্ন কৰিলে সাগৰিকাৰ।
"১৪ তাৰিখ। এইটো কথা সুধিবলৈ ফোন কৰিছা?"
"তোমাৰ মূৰাটো।" মাথটোত টিঙিচকৈ মাৰিলে সাগৰিকাৰ।
" sorry sorry আজি ১৪ ফেব্ৰুৱাৰী মানে ভেলেণ্টাইনচ দে। দেখিছানে বাৰু কামৰ মাজত থাকি পাহৰিয়েই যাও।" নবাৰুণে হাঁহি হাঁহি উত্তৰ দিলে। সাগৰিকাৰ কান মূৰ গৰম হৈ আহিল।ফোনটো কাটি দিলে তাই। প্ৰচণ্ড খং আৰু দুখত চকুলো বাগৰি আহিল সাগৰিকাৰ। এক মিনিটমান পাছতেই ফোনটো আকৌ বাজি উঠিল তাইৰ।নবাৰুণৰ ফোন, ফোনটো ৰিচিভ কৰি লাউদ স্পিকাৰটো অন কৰি সন্মুখৰ চেন্টাৰ টেবুলখনত ফোনটো একাষৰীয়াকৈ থৈ দিলে সাগৰিকাই।
"হেৰা, তোমাৰ বাৰ্থ দে আৰু মই পাহৰিম? দৰ্জাখন খোলা চাৰপ্ৰাইজ এটা আছে তোমালৈ।" নবাৰুণৰ কথাষাৰ শুনি কান্দি থকাৰ মাজতো হাঁহি এটা ওলাই আহিল সাগৰিকাৰ। একেকোবেই গৈ মূল দৰ্জাখন খুলি দিলে তাই।
"উ.... ৱাইপাৰ লৈ পানী চাফা কৰিব লাগিব যেন পাইছো দেই এতিয়া। চকু একেবাৰে উখহি আছে।" সাগৰিকাৰ সেমেকা চকুহাললৈ লক্ষ্য কৰি হাঁহি এটা মাৰিলে নবাৰুণে।
"এনিটাইম ধেমালি মই ভাল নাপাও কিন্তু।" সাগৰিকাই যে তাৰ ওপৰত অভিমান কৰি আছে ভালদৰেই বুজি পালে নবাৰুণে। অৱশ্যে এই অভিমান কেনেকৈ ভাঙিব লাগে সেইয়াও ভালদৰেই জানে সি।
"মইনা কলিজাজনী অ পুলিচৰ চাকৰিৰ কথা তুমি জানাই চোন।আচলতে দিনৰ পৰাই ইম্পৰটেন্ট কেচ এটাত বিজি হব লগা হ'ল।আৰু তুমি কি ভাবিছিলা তোমাৰ বাৰ্থ দেৰ কথা মই পাহৰি গ'লো। আচলতে তোমাক চাৰপ্ৰাইজ দিম বুলিয়েই মই ৰাতিপুৱা উইচ নকৰাকৈ গুছি গ'লো।আৰু অথনি ইচ্ছা কৰিয়েই মই তোমাৰ ফোন ৰিচিভ কৰা নাছিলো।এইয়া চোৱা তোমাৰ ফেভৰিট চকলেট কেক।" কৈ কৈ নবাৰুণে হাতত লৈ থকা টোপোলাটোৰ পৰা কেক এটা উলিয়াই আনিলে।
"কি হ'ল এতিয়া মুখ ওফোন্দাই থাকিবা নে কেক কাটিবা। অকে বাবা sorry এই চোৱা কানত ধৰিছো।" নবাৰুণৰ মৰমৰ ওচৰত আকৌ এবাৰ হাৰ মানিলে সাগৰিকাই। চকুহাল ভালদৰে মোহাৰি কেকটো কাটিলে তাই।
"খং উঠিলে কিন্তু তোমাক বৰ এটা বেয়া নালাগে দেই।" কেক কাটি থকাৰ মাজতে আকৌ এবাৰ তাইক জোকালে নবাৰুণে।
"কাইলৈ আমি দুয়োটা ফুৰিবলৈ যাম হ'ব।"
"প্ৰমিজ কৰা, আকৌ আজিৰ দৰেই নকৰাটো।" সাগৰিকাৰ মাতটো আগতকৈ অলপ কোমল হ'ল।
"এই চোৱা প্ৰমিজ কৰিছো।যিমান কাম ওলালেও কাইলৈ দিনটো কেৱল তোমাৰ লগত থাকিম। চাও এতিয়া চকুহাল মুদা।"
"কিয়?" প্ৰশ্ন কৰিলে সাগৰিকাই।
"আৰে আগত জপোৱাচোন। গম পাবা নহয়।" নবাৰুণৰ আবদাৰত চকুহাল জপাবলৈ বাধ্য হ'ল সাগৰিকা।চকুহাল জপোৱাৰ সুযোগতেই নবাৰুণে জেপৰ পৰা এদাল সোণৰ চেইন উলিয়াই পিন্ধাই দিলে সাগৰিকাৰ ডিঙিত।
"Happy birthday to the prettiest and most loving woman of my life।"
"ৱাও ইমান ধুনীয়া।" অতপৰে গোমা হৈ থকা সাগৰিকাৰ মুখখন ফৰকাল হৈ উঠিল। "আই লাভ ইউ নবাৰুণ।"
অভিমান সামৰি নবাৰুণক সাবটি ধৰিলে সাগৰিকাই।সাগৰিকাৰ চকুলৈকে পৰি থকা দীঘল চুলিটাৰি সামৰি কপালত এটা দীঘল চুমা আকি দিলে নবাৰুণে। লাজত কোচমোচ খাই নবাৰুণৰ বুকুৰ মাজত সোমাই পৰিল সাগৰিকা।এনেকৈ পাৰ হৈ গ'ল বহুত সময়।চেঁচা বতাহ এজাকে চুই গ'ল দুয়োকে। সেইয়া যেন ফাগুনৰেই আগজাননী।
কোঠাটোৰ নিৰৱতা ভাঙি নবাৰুণৰ মোবাইলটো উচ্চস্বৰত বাজি উঠিল। ইন্সপেক্টৰ শংকৰ দুৱৰাৰ ফোন।
" হেল্ল শংকৰ কোৱা।"
"ছাৰ কমলপুৰৰ তিনি নং বাইলেনৰ এটা ঘৰত এজনী মহিলাক কোনোবাই হত্যা কৰি পেলাই থৈ গৈছে। আমি স্পটতে আছো।ছাৰ কেছটো অলপ চিৰিয়াছ।আপুনি এপাক আহিব পাৰিলে ভাল হ'ব।" শংকৰে খৰখেদাকৈ কথাখিনি ক'লে।
"ঠিক আছে,ঠিক আছে।তোমালোকে প্ৰাইমেৰী ইনভেষ্টিগেছন খিনি ষ্টাৰ্ট কৰা। মই পোন্ধৰ মিনিটত গৈ পাই আছো।" কথাখিনি কৈয়ে ফোনৰ সংযোগ বিছিন্ন কৰিলে নবাৰুণে।
"কাৰ ফোন?"
"শংকৰৰ ফোন। কমলপুৰত এজনী মহিলাৰ ডেডবদি পোৱা গৈছে। মই আকৌ যাব লাগিব।" কথাখিনি কৈয়ে খৰখোজেৰে ওলাই গ'ল নবাৰুণ।
"কিন্তু একো নোখোৱা নোবোৱাকৈ। ৰবা মই ফটকৈ কিবা এটা বনাই দিও।"নবাৰুণৰ পিছে পিছে সাগৰিকাও ওলাই গ'ল।
"এতিয়া নালাগে দিয়া। তুমি দিনাৰ ৰেডি কৰি থবা, ওভতি আহি একেলগে দিনাৰ কৰিম।আৰু শুনা ভয় কৰিব নালাগে।মোৰ এনেয়েও বেছি টাইম নহয়।"
"কিন্তু......... শুনাচোন।" সাগৰিকাই কিবা কবলৈ পোৱাৰ আগতেই গাড়ী ষ্টাৰ্ট দিলে নবাৰুণে।
"ড্ৰয়িং ৰুমৰ মোনাটোতে পৰ্ক আৰু লাই শাক আছে। টেষ্টি কৈ বনাই থবা, বাই।" সাগৰিকাৰ উত্তৰলৈ বাট নাচাই কমলপুৰৰ দিশত গাড়ী পোনাই দিলে নবাৰুণে। এটা দীঘল হুমুনিয়াহ ওলাই আহিল সাগৰিকাৰ মুখেৰে।
(আগলৈ)
Porhi bhaal lagil. Agontuk khondoloi opekhya thakibo.