#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৪)
আকৌ এটা জঘন্য হত্যাকাণ্ড।মানুহগৰাকীৰ নাম সবিতা বৰপূজাৰী, স্বামী ময়ুৰ বৰপূজাৰী। ড্ৰয়িং ৰুমত পৰি আছে সবিতাৰ মুণ্ডহীন নিঠৰ দেহ, ঠিক চয়নিকাৰ দৰেই।ড্ৰয়িং ৰুমৰ চেন্টাৰ টেবুলখনত একেধৰণেৰেই সজাই ৰখা হৈছে সবিতাৰ কটা মূৰটো, কাষত তেজেৰে ডাঙৰকৈ এইবাৰ S আখৰটো। একেই ফৰ্মূলা হত্যাকাৰীৰ, অতি সংগোপনে হয়তো পূৰ্ব পৰিকল্পনামতেই হত্যাকাৰীয়ে হত্যা কৰি গৈছে সবিতা বৰপূজাৰীক।আস কি ভয়ানক দৃশ্য,বেছি সময় চাই থাকিব নোৱাৰিলে নবাৰুণে, মূৰটো ঘূৰাই আহিল তাৰ। চয়নিকা আৰু সবিতা প্ৰায় সাগৰিকাৰ সমবয়সীয়া, অজান আশংকাত যেন বুকুখন কপি উঠিল নবাৰুণৰ।সাগৰিকাকো যদি এনেকৈ কোনোবাই!! ভাবিয়েই শিয়ৰি উঠিল সি।
"ছাৰ মানুহগৰাকীৰ স্বামী ময়ুৰ বৰপূজাৰী ইয়াৰে এটা মাল্টিনেছনেল কোম্পানীৰ এক্সিকিউটিভ অফিছাৰ। তেওঁ কালিয়েই কোম্পানীৰ কামত বেংগলোৰ গৈছে। ইতিমধ্যে তেওঁলৈ খবৰ পঠোৱা হৈছে, কাইলৈহে তেওঁ আহি পাবহি।ছাৰ হত্যাকাণ্ড হোৱাৰ সময়ত মানুহজনী ৰুমত অকলেই আছিল।" চাব ইন্সপেক্টৰ বিদ্যুতে লাহেকৈ মাত লগালে।
"হুমম।চিকিউৰিটি গাৰ্ডজনৰ পৰা কিবা জানিব পাৰিলা নেকি?কোনোবা সন্দেহযুক্ত মানুহ অহা বা যোৱা তেওঁৰ চকুত পৰিছিল নেকি?"
"তেনে কোনো সন্দেহজনক ব্যক্তিক দেখা পোৱা বুলি তেওঁৰ মনত নাই।কিন্তু ছাৰ এপাৰ্টমেন্টটোলৈ আজি সন্ধিয়া কোন আহিছে বা ইয়াৰ পৰা কোন ওলাই গৈছে সকলোখিনি চিচি টিভিৰ ফুটেজ চালে গম পোৱা যাব।"
"ঠিক আছে চিচিটিভিৰ ফুটেজখিনি তুমি কালেক্ট কৰা। হত্যাকাণ্ডৰ আধাঘন্টাৰ আগত বা আধাঘন্টাৰ পাছত যিখিনি মানুহ এপাৰ্টমেন্টটোলৈ আহিছে বা ওলাই গৈছে সকলোৰে ডিটেইলছখিনি কাইলৈৰ ভিতৰত মোক লাগে।" আৰু বেছিসময় তাত কটাবলৈ মন নগ'ল নবাৰুণৰ।ফৰ্মেলিটিছখিনি সম্পূৰ্ণ কৰিবলৈ কৈ বিদ্যুতক যাবতীয় নিৰ্দেশনা কেইটামান দি বাহিৰলৈ ওলাইআহিল নবাৰুণ।
"শংকৰ চাও এইফালে আহা।" ইন্সপেক্টৰ শংকৰ এপাৰ্টমেন্টটোৰ আন আন মানুহক সোধ-পোছত ব্যস্ত আছিল। নবাৰুণৰ মাতত আগুৱাই আহিল সি।
"শংকৰ চৈধ্য তাৰিখৰ ৰাতি চয়নিকা ৰাভাৰ হত্যাকাণ্ডৰ লগত আজিৰ হত্যাকাণ্ডটোৰ এশ শতাংশই মিল আছে। মই নিশ্চিত যে দুয়োগৰাকীৰ মাজত কৰবাত কিবা নহয় কিবা এটা মিল আছে। আৰু মোৰ যদি অনুমান ভুল নহয় এইটোৱেই হয়তো হত্যাকাৰীৰ শেষ হত্যাকাণ্ড নহয়। গতিকে তুমি যিমান পাৰা সোনকালে চয়নিকা আৰু সবিতাৰ ইছ এণ্ড এভৰিথিং ডিটেইলছখিনি কালেক্ট কৰা।লাষ্ট ওৱান মন্থত তেওঁলোক ক'ত ক'ত গৈছিল, কি কি কৰিছিল সকলোবোৰ।আকৌ এটা হত্যাকাণ্ড হোৱাৰ আগতেই আমি হত্যাকাৰীক এৰেষ্ট কৰিব লাগিব।" শংকৰক কথাখিনি কৈ গাড়ীলৈ আগুৱাই আহিল নবাৰুণ।নবাৰুণক দেখিয়েই ৰিপৰ্টাৰখিনিয়ে আহি আগুৰি ধৰিলেহি তাক।
"ছাৰ চয়নিকা ৰাভাৰ হত্যাৰ তিনিদিন পাচতেই আকৌ একেধৰণেৰে হত্যা কৰা হৈছে সবিতা বৰপূজাৰীক। এই হত্যাৰ উদ্দেশ্য কি?"বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ল নবাৰুণ।একোৰে উত্তৰ দিবলৈ মন নগ'ল তাৰ। ভীষণ অস্বস্তি অনুভৱ কৰিলে নবাৰুণে। ন কমেন্ট বুলি লাহেকৈ উত্তৰ এটা দি মিডিয়াৰ বেহু ফালি গাড়ীলৈ আগবাঢ়িল নবাৰুণ।
"আৰু এইয়া আছিল ডি এছ পি নবাৰুণ বৰুৱা। এটাৰ পিছত আন এটা জঘন্য হত্যাকাণ্ডহৈছে কমলপুৰত। কোনে কৰিছে এই হত্যাকাণ্ড?কিয় ইমান জঘন্য ভাবে হত্যা কৰা হৈছে এই দুগৰাকী মহিলাক? ইয়াৰ উত্তৰ এইসময়ত অসমৰ বিয়াগোম আৰক্ষী বিভাগটোৰ ওচৰতো নাই। পুলিচৰ ওচৰত কিমানদূৰ সুৰক্ষিত জনতা, এইসময়ত এইয়াও এক ডাঙৰ প্ৰশ্ন।কেমেৰা পাৰ্ছন চাহিদুলৰ সৈতে............" স্পটত থকা কোনোবা এগৰাকী সাংবাদিকৰ শব্দবোৰ কাণত পৰিল নবাৰুণৰ। সাংবাদিকৰ কামেই সেইয়া,কিবা এটা ঘটনাৰ আতিগুৰি নজনাকৈয়ে পুলিচৰ ওপৰত দোষ জাপি দিয়াটো মিডিয়াৰ স্বভাৱ। বিশেষ চিন্তা নকৰি ঘৰলৈ গাড়ী দৌৰাই দিলে নবাৰুণে, ভীষণ ভাগৰুৱা অনুভৱ কৰিছিল সি।
"কি ভাবি আছানো ৰুণ?" ভাতৰ পাতত বহি আঙুলিৰে লিৰিকি বিদাৰি থকা নবাৰুণক উদ্দেশ্যি মাত লগালে সাগৰিকাই।সাগৰিকাই মৰমতে নবাৰুণক ৰুণ বুলি মাতে, নবাৰুণে মাতে মৌ বুলি।
"নাই একো ভাবা নাই।"পলায়নবাদী উত্তৰ নবাৰুণৰ।
"একো যদি হোৱাই নাই তেন্তে খোৱা নাই যে।আঞ্জাখন টেষ্টি হোৱা নাই?" কোমলকৈ সুধিলে সাগৰিকাই।
"নহয় মৌ এনেকুৱা লাগিছে যেন মোৰ চকুৰ আগতেই দুজনী মহিলাক হত্যা কৰা হ'ল।কিন্তু মই একো এটা...." ভাগি পৰিল নবাৰুণ।
"তুমি ইমান ভাগি পৰিলে কেনেকৈ হব ৰুণ। এইতোটো তোমাৰ কেৰিয়াৰৰ ফাৰ্ষ্ট কেছ নহয়।"
"য়েছ এইটো মোৰ ফাৰ্ষ্ট কেছ নহয় কিন্তু এই কেছটো যেন আনবোৰতকৈ অলপ বেলেগ।কি জঘন্যভাবে হত্যা কৰা হৈছে দুইগৰাকী মহিলাক তুমি নেদেখালৈকে হয়তো বিশ্বাসেই নকৰিবা। দুয়োটা মাৰ্ডাৰতে হত্যাকাৰীয়ে তেজেৰে লিখি গৈছে একোটাকৈ আখৰ। কিবা যেন ক'ব বিছাৰিছে হত্যাকাৰীয়ে। কিন্তু.....'' হুমুনিয়াহ এটা ওলাই আহিল নবাৰুণৰ মুখেৰে।
"এতিয়া ভালকৈ ভাতকেইটা খোৱাচোন। চাবা সময়ত সকলো ঠিক হ'ব।" সান্তনাসূচক স্বৰত ক'লে সাগৰিকাই। কথাৰ মাজতে উচ্চস্বৰত বাজি উঠিল।নবাৰুণৰ চেলুলাৰটো, ডি আই জিৰ ফোন।
"হেল্ল' ছাৰ।" সহাৰি জনালে নবাৰুণে।
"বৰুৱা কি হৈ আছে আপোনাৰ এৰিয়াত। তিনিদিনৰ ভিতৰত দুটা হত্যাকাণ্ড হৈ গ'ল আপোনালোকে কৰি আছিল কি?" বেছ গৰমকৈ কথাষাৰ ক'লে ডি আই জি অনুপ ঠাকুৰে।
"ছাৰ আমাৰ ইনভেষ্টিগেছন চলি আছে। এপাৰ্টমেন্টটোৰ চিচি টিভিৰ ফুটেজো চেক কৰা হৈছে।মৃত চয়নিকা আৰু সবিতাৰ ইছ এণ্ড এভৰিথিং ডিটেইলছ কালেক্ট কৰিবলৈ দিয়া হৈছে। ছাৰ খুব সোনকালেই আমি হত্যাকাৰীক এৰেষ্ট কৰিম।" নবাৰুণে সংক্ষেপে উত্তৰ দিলে।
"এনেকৈ নহব বৰুৱা আপুনি নিউজটো খুলিলে দেখিব চাৰিওফালে কেৱল পুলিচৰ বদনাম আৰু বদনাম। চেনেলবোৰত কেছটোকলৈ আনকি টক শ্ব পৰ্যন্ত হৈছে। ওপৰৰ পৰাও যথেষ্ট প্ৰেচাৰ আহিছে মোৰ ওপৰত। চ' মই অলপ বেলেগ চিন্তা কৰিছো।"
"মানে ছাৰ।" শিয়ৰি উঠিল নবাৰুণ। কেনেবাকৈ ডি আই জিয়ে বেলেগৰ হাতলৈ দিব বিছৰা নাইতো?
"কেচটোৰ কাৰণে ক্ৰাইম ব্ৰান্হৰ পৰা স্পেচিয়েলি এজনক এপইন্ট কৰা হৈছে।কাইলৈ তেওঁ জ্ইন কৰিব।" নবাৰুণে নিবিচৰাটোৱেই হ'ল।
"কিন্তু ছাৰ, আমিটো সকলো বাদ দি কেৱল এইটো কেছতেই ব্যস্ত আছো।" নবাৰুণ আচৰিত হ'ল।
"মই আপোনাৰ মনৰ কথাটো বুজিছো বৰুৱা। কিন্তু ওপৰৰ পৰা অহা অৰ্ডাৰ আমিটো ফল' কৰিবই লাগিব।ওপৰ মহলক আৰু মিডিয়াকো মই উত্তৰ দিব লাগে।গতিকে এই কেছটোত এতিয়াৰ পৰা আপুনি এচিটেন্ট হিচাপে কাম কৰিব। মোৰ বোধেৰে আপোনাৰ একো আপত্তি নাই।"
"ঠিক আছে ছাৰ।" ফোনৰ সংযোগ বিছিন্ন কৰিলে নবাৰুণে।কেছটোত ভালদৰে আগবাঢ়িবলৈ নাপাওতেই বেলেগ এজনৰ হাতলৈ গুচি যোৱাত যথেষ্ট ভাঙি পৰিল সি। চাকৰি জীৱনৰ এতিয়ালৈকে সন্মুখীন হোৱা আটাইকেইটা কেছতে সফল হৈছে সি। কেইবাটাও দাগী অপৰাধীক জেলৰ ভাত খুৱাইছে নবাৰুণে, তৎসত্বেও।
"কাৰ ফোন আছিল?"
"ডি আই জি ছাৰৰ। এই কেছটোৰ কাৰণে স্পেচিয়েলি এজনক এপ্ইন্টক কৰিছে ওপৰৰ পৰা।তাকে জনাবলৈ ফোন কৰিছিল।" লাহেকৈ উত্তৰ দিলে নবাৰুণে।
"অহহ জানা আজি ঘৰৰ পৰা মায়ে ফোন কৰিছিল।" নবাৰুণৰ মনটো ভাল লগাবলৈকে আন কথা উলিয়াবলৈ চেষ্টা কৰিলে সাগৰিকাই।একো উত্তৰ নিদিলে নবাৰুণে, কথা পাতিবলৈ একেবাৰে মন নাছিল তাৰ।
"মায়ে কি কৈছে জানা?"
"কি কৈছে?" গহীনকৈ সুধিলে নবাৰুণে।
"মা-পাপাৰ হেনো নাতিৰ মুখ চাবলৈ বৰকৈ মন গৈছে। আৰু মইয়োটো ঘৰত প্ৰায়ভাগ সময় অকলেই থাকো। মোৰো লগ এটা হব দিয়াচোন।মইটো নাম ভাবিবলৈ আৰম্ভ কৰিলোৱেই জানা। ল'ৰা হ'লে কি নাম ৰাখিম জানা?"
"যাষ্ট ষ্টপ ইট সাগৰিকা। তোমাৰ মূৰৰ গণ্ডগোল হৈছে নেকি? মই ভাবি আছো কেছটোৰ বিষয়ে আৰু তুমি? সব সময়তেই তোমাৰ এই চাইল্ডিছ বিহেভিয়াৰটো মই ভাল নাপাও মৌ।পাগলামিৰ স্বভাৱবোৰ একেবাৰেই নগ'ল তোমাৰ?" সাগৰিকাই যিমান উৎসাহত কথা কেইটা কৈছিল তাক এক প্ৰকাৰ নিৰাশ কৰি গৰজি উঠিল নবাৰুণ। খং আৰু হতাশাত যথেষ্ট ভাঙি পৰিছিল সি। সাগৰিকাৰ কথাকেইটাই তাৰ মূৰটো আৰু গৰম কৰি তুলিলে তাৰ।
"চাইল্ডিছ? মোৰ কথাকেইটা তোমাৰ পাগলামিৰ নিচিনাহে লাগিল? তুমি তোমাৰ ডিপাৰ্টমেন্টতেই গৈ সোমাই থাকা।তাৰ গোটেই কেছবোৰ চল্ভ কৰি জীৱনটোৰ আধা বয়স পাৰ হোৱাৰ পাছত যদি কেতিয়াবা অকণমান সময় পোৱা তেতিয়া মোক অলপ টাইম দিবা।"
দুচকুৰে চকুলো বাগৰি আহিল সাগৰিকাৰ।কিমান।উৎসাহেৰে কথা কেইটা কৈছিল তাই, অথচ নবাৰুণে।নবাৰুণক খোৱা টেবুলত তেনেকৈ এৰি উচাৎ মাৰি উঠি গ'ল সাগৰিকা। মনটো বেয়া লাগি গ'ল নবাৰুণৰ। আচলতে সাগৰিকাৰ ওপৰত তাৰ খং উঠা নাছিল, খং উঠিছিল তাৰ নিজৰ ওপৰত।কেছটোৰ লগত লাগি তাৰ ইমানেই মূৰটো গৰম উঠিছিল যে একো নভবা নিচিন্তাকৈয়ে সাগৰিকাক কিবা কিবি কৈ পেলালে সি। আচলতে সন্তানৰ কথা নবাৰুণে চিন্তা নকৰা নহয়। দুয়ো ইতিমধ্যে যথেষ্ট আগ ও বাঢ়িছে। ডাক্তৰৰ ৰিপৰ্টমতে সাগৰিকাৰ ফালৰ পৰা সকলোখিনি ঠিকেই আছে। নবাৰুণেহে অৱশ্যে সময়ৰ অভাৱত নিজৰ টেষ্ট খিনি কৰিব পৰা নাই।সাগৰিকাক তেনেকৈ কৈ নিজকে দোষী যেন লাগিল নবাৰুণৰ।
"মৌ শুনাচোন, অথনি মই তোমাক তেনেকৈ ক'ব নালাগিছিল। আচলতে কেছটো বেলেগৰ হাতলৈ গুচি যোৱাত মনটো একেবাৰে বেয়া হৈ আছিল মোৰ। আই এম ৰিয়েলি ভেৰি ছ'ৰি মৌ।" অপৰাধী অপৰাধী মন এটাৰে কথাখিনি ক'লে নবাৰুণে।
"হব ৰাতি বহুত হ'ল শুই যোৱা এতিয়া। মই বুজি পাইছো দিয়া।" বেডৰুমত থকা আইনাখনৰ সন্মুখত বহি চুলি কেইদাল আচুৰি থকাৰ পৰাই গহীনকৈ উত্তৰ দিলে সাগৰিকাই। সাগৰিকাক এইবোৰ কথাতেই ভাল লাগে নবাৰুণৰ। ঘপককৈ কিবা কথাত ওফোন্দ পাতিলেও আকৌ সোনকালেই সকলোবোৰ পাহৰি পেলাব পাৰে তাই। সচাকৈয়ে কি কোমল মন সাগৰিকাৰ, ঠিক সৰু ছোৱালীৰ দৰেই।
"ডাক্তৰেতো তোমাৰ সকলো ঠিক আছে বুলিয়েই কৈছিল। এইকেইদিনতেই মইয়ো টেষ্টখিনি কৰাই লম বুলি ভাবিছো। নে কি কোৱা।" সাগৰিকাৰ মনটো ভাল লগাবলৈ চেষ্টা কৰিলে নবাৰুণে।
"হ'ব অ আগতে তুমি কেছটোত মন দিয়া। কেছটো চল্ভ হৈ লওকচোন।আমাৰ ওচৰত সময় নাইকিয়া হৈছে নে কিবা।" নবাৰুণক সহজ কৰিবলৈ হাঁহি এটা মাৰি দিলে সাগৰিকাই। মনটো আগতকৈ ফৰকাল লাগি গ'ল নবাৰুণৰ। সঁচাকৈ সাগৰিকাৰ দৰে ছোৱালী এজনীক চাগে সি কিবা ভাগ্যৰ বলতহে পত্নী হিচাপে পাইছে।মনটো সৰু ছোৱালী এজনীৰ দৰে যদিও কথাবোৰ খুব সোনকালেই বুজি পায় তাই। সাগৰিকাক বুকুৰ মাজত সুমুৱাই মৰম কৰিবলৈ মন গ'ল নবাৰুণৰ।
"দিল দিয়া গল্লা......" নবাৰুণৰ ফোনটো বাজি উঠিল।ইন্সপেক্টৰ শংকৰৰ ফোন।
" শংকৰ কোৱা।"সহাৰি জনালে নবাৰুণে।
"ছাৰ কেছটোৰ সন্দৰ্ভত এটা ইমপৰটেন্ট কথা এটা জানিব পাৰিলো ছাৰ।"
"কি কথা শংকৰ?" উৎসাহেৰে সুধিলে নবাৰুণে।
"ছাৰ আপুনি কোৱামতেই মৃত চয়নিকা আৰু সবিতা বৰপূজাৰীৰ মাজত কিবা মিল আছে নেকি সেইয়া আমি অনুসন্ধান চলাইছিলো।দুয়োগৰাকীৰ মাজত তেনেকুৱা একো মিল নাই কিন্তু ছাৰ হোৱাটছ এপত একেই নাম্বাৰ এটাৰ পৰা দুয়োগৰাকীলৈ যোৱা এসপ্তাহৰপৰা সঘনাই কিছুমান ব্লেকমেইলিং জাতীয় মেছেজ আৰু ফোনকল আহিছিল। আমি গম পোৱা অনুসৰি সেই নম্বৰটো ৰাজপ্ৰকাশ দাস নামৰ এজন ল'ৰাৰ। ল'ৰাজন ছাৰ চিটি মলৰ চেলছমেন।" একে উশাহতে কথাখিনি ক'লে শংকৰে।
" আচ্ছা ল'ৰাজন বৰ্তমান ক'ত?"
"ছাৰ ল'ৰাজন কমলপুৰৰে এটা ভাড়া ঘৰত থাকে। কিন্তু আমি গৈ পোৱাৰ আগতেই ল'ৰাজন কৰবালৈ গুচি গৈছে। আই থিংক সি পলাইছে।"
"হোৱাট!!!!!" শংকৰৰ কথাষাৰত চকুকেইটা বহল কৈ মেল খাই গ'ল নবাৰুণৰ।
(আগলৈ)