#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(অন্তিম খণ্ড)
সন্ধ্যাৰ চাহ কাপ হাতত লৈ ড্ৰয়িং ৰুমতে থকা বুকছেল্ফটোৰ পৰা পুৰণা আলোচনী এখন উলিয়াই ল'লে সাগৰিকাই। যোৱা এসপ্তাহে ভীষণ অকলশৰীয়া অনুভৱ কৰিছে তাই। নবাৰুণ এই চিৰিয়েল কিলাৰৰ কেছটোত ব্যস্ত হোৱাৰ পৰা দুয়োটাই এইকেইদিন মনৰ কথাও পাতিব পৰা নাই ভালদৰে।ৰাতিপুৱা সোনকালেই থানালৈ ওলাই যোৱা নবাৰুণ আৰু উদীপ্ত দুয়োটা আহি ঘৰ সোমাই মানে সদায় ৰাতিৰ নটা বাজিবৰেই হয়। তাৰ পাছত ডিনাৰ কৰিয়েই দিনটোৰ অৱসাদখিনি গুচাবলৈ সোনকালেই শুই পৰে নবাৰুণ। গোটেই দিনটো ঘৰত অকলশৰেই কটাব লগা হয় সাগৰিকাই। অৱশ্যে সাগৰিকাৰ এই অভিজ্ঞতা নতুন নহয়। ইয়াৰ আগতেও নবাৰুণ এনেকুৱা কেচত ব্যস্ত হব লগা হ'লে কেইবাদিনো অকলশৰেই কটাবলগীয়া হয় তাই। মাজে মাজে সাগৰিকাৰ নিজৰ ওপৰতেই খং উঠে। পুলিচলৈ যে কিয় বিয়া হ'লো এই কথাষাৰ প্ৰায়ে তাইৰ মনলৈ আহে।
ৱাল ক্লকটোৱে সাত বজাৰ সংকেত দিলে। নবাৰুণলৈ ফোন এটা লগাবলৈ মন গ'ল সাগৰিকাৰ। চেন্টাৰ টেবুলখনতেই থৈ দিয়া ফোনটো হাতলৈ উঠাই ফোনটো লগাবলৈ লওতেই খঙটো উঠি আহিল তাইৰ।
"এই জিঅ'ডালো আজিকালি বৰ ফটুৱা হ'ল দেই। ফোনটো কৰিবলৈ লবা, নেটৱৰ্ক টোৱে ডিষ্টাৰ্ব দিয়া আৰম্ভ কৰিবই নহয়।"নিজকে নিজেই কোৱাৰ দৰে ক'লে সাগৰিকাই। কিটছেনত সোমাবলৈও ভীষণ এলাহ লাগিল তাইৰ। ফোনটো চাইডত ৰাখি আলোচনীখনৰ গল্প এটাত মন দিবলৈ চেষ্টা কৰিলে সাগৰিকাই।
"টিং টং" ঘৰটোত বিৰাজ কৰা নিস্তব্ধতা খিনি ভাঙি হঠাৎ কলিং বেলটো হঠাৎ বাজি উঠিল। নবাৰুণহঁতেই হব চাগে। বিশেষ নাভাবি পোনচাটেই গৈ মূল দুৱাৰখন খুলি দিলে সাগৰিকাই। বাহিৰত এজন অচিনাকি যুৱক, পিন্ধনত ব্লেক জীনছ, লেডাৰৰ জেকেট এটা, মুখত এখন মাক্স। যুৱকৰ বেশ ভূষা দেখি বৰ এটা সুবিধাৰ যেন নালাগিল সাগৰিকাৰ। আগন্তুকৰ চকু কেইটালৈ লক্ষ্য কৰিলে তাই। চকু নহয় যেন একুৰা জুই হে জ্বলিছে।অজান আশংকাত বুকুখন কপি উঠিল সাগৰিকাৰ।
"কোন আপুনি? কাক বিচাৰিছে?"
মনৰ ভয়খিনি লুকুৱাই কোনোমতে মাতষাৰ উলিয়ালে সাগৰিকাই। কিন্তু সাগৰিকাক আচৰিত কৰি আগন্তুকে উচ্চস্বৰত হো হোৱাই হাঁহি দিলে। নিশাৰ নিৰ্জনতাত সেই হাঁহিটো অট্টহাস্য যেনহে লাগিল। ইয়াৰ লগে লগেই দুখোজ আগুৱাই আহিল যুৱকজন। সাগৰিকাৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন বিপদৰ উমান দিলে। দুখোজ পিচুৱাই গ'ল তাই। হাঁহি হাঁহিয়েই যুৱকে এইবাৰ পিন্ধি অহা জেকেটটোৰ ভিতৰৰ পৰা এখন ধাৰাল দেগাৰ উলিয়াই আনিলে। লাইটৰ পোহৰত চিকচিকাই থকা দেগাৰখনত ৰঙচুৱা চামনি এটা ভালদৰেই দেখিলে সাগৰিকাই। হয়তো সেইখন দেগাৰেৰেই পূৰ্বেও কাৰোবাক হত্যা কৰা হৈছে। মুহূৰ্ততে সাগৰিকাৰ মনৰ আগত সকলোবোৰ স্পষ্ট হৈ পৰিল। ইমান দিনে নৃশংসভাৱে তিনিজনী মহিলাক হত্যা কৰা নৰপিশাচটো বৰ্তমান তাইৰ সন্মুখত। আগন্তুক বিপদৰ উমান পাই কিংকৰ্তব্যবিমূঢ় হৈ ড্ৰয়িং ৰুমটোৰ ফালেই দৌৰ মাৰিলে সাগৰিকাই। দেগাৰখন এপাক শূন্যতে ঘূৰাই পিছ ল'লে আগন্তুকে। ড্ৰয়িং ৰুমটোত সোমায়েই ৰৈ গ'ল সাগৰিকা। পলাবলৈ বাট হেৰুৱাই পেলালে তাই। ড্ৰয়িং ৰুমটোত তাই বৰ্তমান আৱদ্ধ, তাইৰ পৰা কেইফুটমান আতৰতেই সেই বায়ুগ্ৰস্ত নিহন্তা। নিশ্চিত মৃত্যুৰ আশংকাত কপি উঠিল সাগৰিকাৰ সৰ্বশৰীৰ। কান্দিবলৈও যেন পাহৰি পেলালে তাই। দেগাৰখনৰ ধাৰখিনি আঙুলিৰে পৰীক্ষা কৰি কৰি তাইৰ ফালে এখোজ এখোজকৈ আগুৱাই আহি থাকিল যুৱক। আৰু হয়তো কেইটামান মুহুৰ্ত, তাৰ পাচতেই আগন্তুকে নিশেষ কৰি দিব তাইৰ জীৱন, হয়তো বিছিন্ন কৰি পেলাব তাইৰ মুণ্ড শৰীৰৰ পৰা আন তিনিগৰাকীৰ দৰে।
"ইউ আৰ আণ্ডাৰ এৰেষ্ট মিঃ পাঞ্চজন্য ওৰফে শাংকব ডেকা।বহুত হৈ গ'ল আপোনাৰ খেল। পুলিচে আপোনাৰ কু-কৰ্মৰ কথা ইতিমধ্যে সকলো গম পাইছে। পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰাতেই আপোনাৰ মংগল।"
উদীপ্তৰ ফোনকলটো পাই সঠিক সময়তেই উপস্থিত হৈছিলহি চাব ইন্সপেক্টৰ বিদ্যুত। আৰু হয়তো একমুহুৰ্ত পলম হোৱা হলেই শাংকবৰ দেগাৰখনৰ আঘাতত সাগৰিকা সিপুৰী পালেগৈহেতেন। উশাহতো তেতিয়াহে ঘূৰি আহিল সাগৰিকাৰ। আচম্বিত কাৰোবাৰ আগমনত হতভম্ব হৈ পৰিল শাংকব।দেগাৰখন মাটিত থৈ হাত দুখন ওপৰলৈ কৰি ঠাইতে প্ৰস্তৰ মূৰ্তি এটাৰ দৰে ৰৈ দিলে শাংকবে। হাতত থকা পিষ্টলটো টোৱায়েই শাংকবৰ ফালে ক্ৰমাৎ আগুৱাই আহিল বিদ্যুত। শাংকবে বিদ্যুতলৈ চাই ৰহস্যময়ী হাঁহি এটা মাৰিলে। ৰহস্যময়ী হাঁহিটোত এক মুহুৰ্তৰ বাবে ৰৈ গ'ল বিদ্যুত। শাংকবে যেন তালৈকেহে অপেক্ষা কৰি আছিল। তড়িৎ গতিৰে দেগাৰখন তুলি লৈ বিদ্যুতৰ সোঁহাত খনত প্ৰচণ্ড জোৰেৰে এটা ঘাপ মাৰিলে শাংকবে। বিকৎ চিঞৰ এটা মাৰি মাটিত লুটি খাই পৰিল বিদ্যুত। শাংকবৰ প্ৰচণ্ড ঘাপটোত কিলাকুটিৰ অলপ ওপৰতে দুটুকুৰা হৈ গৈছিল বিদ্যুতৰ সোঁহাতখন। যন্ত্ৰণাবিকৃত মুখেৰে তালৈ চাই বিদ্যুতৰ জীৱ উৰি যোৱা যেন হ'ল।
"আপুনি পলাওক মেদাম।" যন্ত্ৰণাত কোনোমতেহে মাতষাৰ ওলাল বিদ্যুতৰ। সাগৰিকাৰ ভয়ত তেজবোৰ যেন পানী হৈ আহিছিল। ভয়ত পলাবলৈও পাহৰি পেলালে তাই। শাংকবৰ চকুকেইটাত জিঘাংসাৰ ভাৱ ফুটি উঠিল। দেগাৰখন দাঙি বিদ্যুতৰ ওপৰত জপিয়াই পৰিল সি। বাধা দিয়াৰ শক্তিকণো হেৰুৱাই পেলাইছিল বিদ্যুতে। শাংকবৰ ধাৰাল অস্ত্ৰপাত বিদ্যুতৰ ডিঙিৰ ওপৰৰে জোৰত এবাৰ ওপৰৰ পৰা তললৈ চলি গ'ল।খেচেককৈ মাত্ৰ শব্দ এটা হ'ল। তাৰপাছত বাৰিষাৰ ভেটা ভঙা বানৰ দৰে কেচা তেজবোৰ কলকলাই ওলাই আহিল বিদ্যুতৰ ডিঙিৰ পৰা। কিছুসময় ছটফটাই থাকি বিদ্যুতৰ দেহটো নিঠৰ হৈ গ'ল চিৰদিনৰ বাবে। বিদ্যুতৰ মৃতদেহটোলৈ চাই ঘৃণাত এবাৰ থুৱাই দিলে শাংকবে। মৃতদেহটো তেনেকৈ এৰি এইবাৰ সাগৰিকাৰ ফালে চাই ক্ৰুৰ হাঁহি এটা মাৰিলে শাংকবে। মানুহ নহয় যেন এটা হিংস্ৰ জন্তুলৈ ৰূপান্তৰিত হৈছিল সি। ইমান সময়ে ভয়ংকৰ দৃশ্য এটা চকুৰ আগতে দেখি মূক হৈ পৰা সাগৰিকাৰ তেতিয়াহে যেন সম্বিত ঘূৰি আহিছিল। চকুৰ আগতে নৃ্শংস হত্যাকাণ্ডটো দেখি জথৰ হৈ পৰিল সাগৰিকা।চকুৱে মুখে ফুটি উঠিল অপৰিণামদৰ্শী আতংক। চিঞৰিবলৈ বৰকৈ মন গ'ল সাগৰিকাৰ, কিন্তু কিবা এক শক্তিয়ে যেন তাইক বাকৰূদ্ধ কৰি পেলালে। ভয়ত কাঠ হৈ পৰিল সাগৰিকাৰ সৰ্বশৰীৰ। আসন্ন মৃত্যুক কল্পনা কৰি কোঠাটোৰ এচুকত জঠৰ হৈ বহি দিলে তাই। শাংকবৰ তালৈ ভ্ৰুক্ষেপ নাই।তাৰ যেন বৰ্তমান একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য সাগৰিকাৰ গ্ৰীৱাটো। সাগৰিকাৰ ফালে এখোজ-দুখোজকৈ আগবাঢ়ি গ'ল শাংকব। ভয়াবহ মৃত্যুক কল্পনা কৰি চকু কেইটা মুদি দিলে তাই। সাগৰিকাৰ ডিঙিটোলৈ লক্ষ্য কৰি ডেগাৰখন ওপৰলৈ ডাঙিলে শাংকবে।
"গুৰুম গুৰুম।" নবাৰুণৰ নাইন এম এম পিষ্টলটোত গৰজি উঠিল।
"আহ!!!" চিৎকাৰ কৰি ড্ৰয়িং ৰুমৰ মজিয়াখনত উবুৰি খাই পৰিল শাংকব। নবাৰুণৰ পিষ্টলটোৰ পৰা ওলোৱা চাৰিটাকৈ গুলিয়ে বুকু ভেদ কৰি গৈছিল শাংকবৰ। অলপ সময় তেনেদৰেই থাকি চিৰদিনৰ বাবে শুই পৰিল ইমানদিনে কমলপুৰত ত্ৰাসৰ সৃষ্টি কৰা সেই বায়ুগ্ৰস্ত নিহন্তা। সাগৰিকাই ভয়ত তেতিয়াও চকুহাল মুদি কুছিমুছি বহিয়েই আছিল। নবাৰুণে তুলি লৈ সাবটি ধৰিলে সাগৰিকাক। সাগৰিকাৰ সৰ্বশৰীৰ ভয়ত কপি আছিল তেতিয়াও। নবাৰুণৰ বুকুত মূৰটো গুজি হুকহুকাই কান্দি দিলে সাগৰিকাই, উচুপি উঠিল নবাৰুণেও। বিদ্যুতৰ মৃতদেহটোলৈ চাই চিঞৰি চিঞৰি কান্দি দিলে শংকৰে। উদীপ্তইয়ো নিজৰ চকুহাল বাধা দিব নোৱাৰিলে। ইমান দিনে কেচটোৰ লগত জড়িত হৈ থাকি থানাৰ সকলোবোৰ আপোন হৈ পৰিছিল তাৰ। নিজৰ ওপৰতেই খং উঠিল তাৰ। আৰু অলপ সোনকালে সিহঁত উপস্থিত হব পৰা হ'লে হয়তো বিদ্যুতৰ লগত এনেকুৱা নহ'লহেতেন। দীঘল হুমুনিয়াহ এটা কাঢ়ি বাহিৰলৈ ওলাই আহিল উদীপ্ত। আৰু অলপ সময়ৰ পাছতেই হয়তো মিডিয়াকে ধৰি সকলোবোৰ গোট খাবহি। দুখবোৰ সামৰি নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে উদীপ্তই।
"ছাৰ ইমান দিনে চহৰখন কপাই থকা হত্যাকাণ্ড কেইটাৰ মূল নায়কজন আজি আৰক্ষীৰ গুলিত নিহত হ'ল। এই সম্পৰ্কে আপুনি কি ক'ব। কিহৰ বাবে হৈছিল এইসমূহ হত্যাকাণ্ড?" কোনোবা এজন সাংবাদিকে প্ৰশ্ন কৰিলে।
"মৃত পাঞ্চজন্য ডেকা ওৰফে শাংকব ডেকা মানসিকভাবে বিকাৰগ্ৰস্ত আছিল। পাঞ্চজন্যৰ ককায়েক বশিষ্ঠ ডেকা আছিল সন্তান জন্ম দিবলৈ অক্ষম। যাৰ বাবে তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হয়। বশিষ্ঠ ডেকাই হয়তো সেইয়া সহ্য কৰিব পৰা নাছিল, যাৰ বাবে তেওঁ আত্মহত্যা কৰে। তেওঁৰ মৃত্যুৰ দুখতে তেওঁৰ মাতৃয়েও কিছুদিন পাছতে মৃত্যুক সাবটি লয়। পাঞ্চজন্যই তেতিয়া তেজপুৰত পঢ়ি আছিল। ককায়েক আৰু মাকক হেৰুৱাই মানসিকভাৱে ভাগি পৰিছিল পাঞ্চজন্য। প্ৰতিশোধ লোৱাৰ সপোন দেখিছিল তেওঁ বৌয়েকৰ ওপৰত। আৰু অলপ দিন পাছতেই তেওঁ নিৰ্মম ভাৱে বৌয়েকক হত্যা কৰে। কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁ সেইবাৰ বাছি যাবলৈ সক্ষম হয়। ইয়াৰ পাছতেই পাঞ্চজন্যৰ দেউতাকৰো মৃত্যু হয়।তাৰ পাছতেই তেওঁ ইয়ালৈ গুচি আহে আৰু শাংকব নাম লৈ সাধনা মেডিকেলত কাম কৰিবলৈ লয়। পাঞ্চজন্যই ভাবিছিল তেওঁৰ পৰিয়ালটো শেষ হৈ যোৱাৰ মূলতেই তেওঁৰ বৌয়েক। লাহে লাহে তেওঁ অধিক বিদ্ৰোহী হৈ উঠে আৰু যিসকল পুৰুষ ইম্পটেন্ট সেইসকলৰ পত্নীসকলক নিজৰ শত্ৰু বুলি ভাবা আৰম্ভ কৰে। পাঞ্চজন্যই ভাবিছিল এই মহিলাসমূহ সমাজৰ বাবে কলংক, এখন এখন ঘৰ ধ্বংস হোৱাৰ মূল কাৰণ। সেইকাৰণেই মানসিক বিকাৰগ্ৰস্ততাৰ সন্মুখীন হয় তেওঁ এজনী এজনীকৈ তিনিজনী মহিলাক হত্যা কৰে যিসকলৰ হাজবেণ্ড আছিল ইম্পটেন্ট। এককথাত কবলৈ গ'লে পাঞ্চজন্য আছিল এজন চাইক' কিলাৰ।" সংক্ষেপে সকলো বৰ্ণনা কৰিলে উদীপ্তই।
"কিন্তু পাঞ্চজন্য ডেকাই এইসমূহ তথ্য কৰ পৰা লাভ কৰিছিল?" আন এজনে প্ৰশ্ন কৰিলে।
"তেওঁ কাম কৰা সাধনা মেডিকেলৰ পৰা। সাধনা মেডিকেলৰ ডাঃ অমৰজ্যোতি চৌধুৰীৰ তাতেই মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনে মেডিকেল টেষ্টখিনি কৰাইছিল। আৰু লেব টেকনিচিয়ান পাঞ্চজন্যৰ সেইয়া কালেক্ট কৰিবলৈ অকণো অসুবিধা হোৱা নাছিল।"
"কিন্তু তেওঁক পুলিচে জীৱন্তেও কৰায়ত্ব কৰিব পাৰিলেহেঁতেন। তাকে নকৰি ইচ্ছাকৃত ভাবে তেওঁক হত্যা কৰা হ'ল নেকি?"
"সাধাৰণ হত্যাকাৰী নাছিল তেওঁ। তিনিটাকৈ হত্যা কৰি চতুৰ্থটো হত্যাৰ বাবে আজি আগবাঢ়িছিল পাঞ্চজন্য। পুলিচৰ উদ্দেশ্য তেওঁক জীৱন্তে কৰায়ত্ব কৰাৰে আছিল কিন্তু তেওঁ নিজেই আমাৰ ওপৰত আক্ৰমণ কৰে।আনকি তেওঁৰ আক্ৰমণত আমাৰ এজন চাব ইন্সপেক্টৰো মৃত্যুমুখত পৰে। চ' আমি গুলি কৰিবলৈ বাধ্য হ'লো।" সাংবাদিকজনৰ প্ৰশ্নত খংটো উঠি আহিছিল উদীপ্তৰ। কোনোমতে নিজক কন্ট্ৰল কৰি উত্তৰটো দি উদীপ্ত আতৰি আহিল সাংবাদিককৰ বেহুৰ মাজৰ পৰা।
নিশা তেতিয়া প্ৰায় ন বাজিছিল। বিদ্যুত আৰু শাংকবৰ মৃতদেহ দুটা পোষ্টমৰ্টেমৰ কাৰণে পঠিয়ালে উদীপ্তই। মিডিয়াৰ মানুহখিনিকো বিদায় দিয়া হৈছিল তেতিয়া। অলপ দেৰিৰ আগলৈকে বিভীষিকাময় পৰিৱেশ এটাই বিৰাজ কৰা নবাৰুণৰ ঘৰখন লাহে লাহে নিতাল মাৰিছিল। সাগৰিকাক কাষতে বহুৱাই তেতিয়াও ৰুম এটাতে বহি সান্তনা দি আছিল নবাৰুণ।তেতিয়াও ভয় অলপো কমা নাছিল সাগৰিকাৰ।
"তোমালোক সময়ত আহি নোপোৱা হ'লে হয়তো আজি মই।মোৰ চকুৰ আগতেই বিদ্যুতক সি যেনেকৈ......" মাতটো কপি উঠিল সাগৰিকাৰ।
"তেনেকৈ কিয় কৈছা মৌ। মই জীয়াই থকালৈকে তোমাক মই একো হবলৈ নিদিও।একো নহয় মৌ,সকলো ঠিক হৈ যাব।" সান্তনাৰ সুৰত ক'লে নবাৰুণে।
"আৰু ইমান ডাঙৰ কথা এটা মোৰ পৰা কিয় লুকুৱাইছিলা? কি ভাবিছিলা মই তোমাক এৰি গুছি যাম।" উচুপি উঠিল সাগৰিকা। নবাৰুণেও চকুহালক বাধা দিব নোৱাৰিলে। সাগৰিকাক কি উত্তৰ দিব ভাবিয়েই নাপালে সি।
"পৃথিৱীত এনেকুৱা একো শক্তি নাই ৰুণ যিয়ে তোমাক মোৰ পৰা আতৰ কৰিব। আৰে সন্তান নহ'ল কি হ'ল। এইখন পৃথিৱীত সন্তান নোহোৱাকৈয়োতো সুখী জীৱন কটোৱা দম্পতী আছে। আমি ইজনে সিজনক ইমানেই মৰম দিম যাতে দুখবোৰেও আমাক দেখি হিংসা কৰিবলৈ ল'ব। কোৱা ৰুণ পাৰিবানে?"
"পৃথিৱীৰ সকলো নাৰীয়ে যদি তোমাৰ দৰেই চিন্তা কৰিলেহেতেন।" আনন্দত ভৰি পৰিল নবাৰুণৰ মন।
নবাৰুণৰ হাতখনত জোৰেৰে খামুচি ধৰিলে সাগৰিকাই। দুখৰ মাজতো সাগৰিকাৰ কথাষাৰত দুগালে দুধাৰি আনন্দৰ তপত অশ্ৰু বাগৰি আহিল নবাৰুণৰ। এপলকলৈ চকুৱে চকুৱে চাই ৰ'ল ইজনে আনজনক। তাৰ পাছত ক্ৰমাৎ ওচৰ চাপি গ'ল দুয়োটা। সাগৰিকাৰ বুকুৰ মাজলৈ চপাই আনি ওঠত এটা দীঘলীয়া চুমা আকি দিলে নবাৰুণে।
স্বস্তিৰ নিশ্বাস এটা এৰিলে উদীপ্তই। চিগাৰেট এটা জলাই লৈ কুণ্ডলী পকাই ধোৱাখিনি উলিয়াই দিলে সি। ভীষণ ভাগৰ লাগিছিল উদীপ্তৰ।বেলকনিত থকা চকী এখনত অকলশৰে নিজকে অলসভাৱে এৰি দিলে সি।ইমান দিনে সকলোকে চিন্তাত পেলোৱা কেচটোৰ ঠিকেই সমাধান হৈছিল কিন্তু পুলিচে অকালতেই হেৰুৱাইছিল বিদ্যুতৰ দৰে এজন দক্ষ তথা সৎ পুলিচ বিষয়া।
(সমাপ্ত)
Wow! This has been a brilliant piece of work. It definitely deserves to be read by a larger audience.