#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৯)
সাধনা নাৰ্চিংহোমৰ পাৰ্কিং প্লেচত এক্স ইউ ভি খন পাৰ্ক কৰি ভিতৰলৈ সোমাই গ'ল উদীপ্ত আৰু নবাৰুণ। ডাঃ অমৰজ্যোতি চৌধুৰী তেতিয়া পেচেন্টৰ লগতেই ব্যস্ত আছিল। নবাৰুণহঁতক দেখি ৰিচিপচনৰ ওচৰতে ৰৈ থকা ল'ৰাজন আগুৱাই আহি বহিবলৈ দিলে দুয়োকে। ল'ৰাজনক ভালকৈ লক্ষ্য কৰিলে উদীপ্ত ই।ল'ৰাজনৰ বয়স প্ৰায় ত্ৰিশৰ ওচৰা ওচৰি। পিন্ধনত পৰিপাটি পোচাক, ঘন চুলি আৰু মিহিকৈ ওলোৱা দাড়িৰে এজন সুদৰ্শন চেহেৰাৰ যুৱক। উদীপ্তহঁতলৈ চাই মিঠা হাঁহি এটা মাৰিলে ল'ৰাজনে।
"অহ ছাৰ আপুনি। চৌধুৰী ছাৰক লগ পাব আহিছে নিশ্চয়। ছাৰ পেচেন্টৰ লগতেই আছে। আপোনালোক অলপ বহিব লাগিব।এখেতকহে চিনি পোৱা নাই। আজি প্ৰথম আহিছে বোধহয়।" ল'ৰাজন নবাৰুণৰ পৰিচিত। ডাঃ চৌধুৰীক লগ কৰিব আহোতে প্ৰায়ে ল'ৰাজনকেই লগ পায় নবাৰুণে। অৱশ্যে নামটোহে সোধা হোৱা নাছিল কোনোদিনে।
"য়েছ মই আজি প্ৰথমবাৰেই আহিছো ইয়ালৈ। আপোনাৰ নাম?" উদীপ্ত ই গহীনাই সুধিলে।
"মই শাংকব, শাংকব ডেকা।ইয়াতে লেব টেকনিচিয়ান হিচাপে কৰি আছো।" শাংকবে উত্তৰ দিলে।
"আপুনি ডাঃ চৌধুৰীক ক্ওকচোন উদীপ্ত ভৰদ্বাজ আৰু নবাৰুণ আহিছে বুলি।ইম্পৰটেন্ট কথা এটা আছে বুলি ক্ওক।" নবাৰুণে মাত লগালে।
"ছাৰেতো এতিয়া পেচেন্ট চাই আছে।আপোনালোক আধাঘন্টামান ৱেইট কৰক, ছাৰ আজৰি হবই আৰু।"
"ন' ন' আমি এতিয়াই তেখেতক লগ কৰিব লাগিব। ইটছ আৰজেন্ট।" উদীপ্ত ই জোৰ দিলে।
"কিন্তু...." শাংকবে যেন ইতস্ততঃবোধ কৰিলে।
"আপুনি তেখেতক যাষ্ট আমাৰ নামকেইটা ক'লেই হব।" নবাৰুণেও যোগ দিলে উদীপ্তৰ লগত।
"ঠিক আছে আপোনালোক বহক। মই ছাৰক সুধি আহো।" কিবা এটা চিন্তা কৰিলে শাংকবে। তাৰ পাছতেই সোমাই গ'ল ডাক্তৰ চৌধুৰীৰ কেবিনলৈ খৰখোজেৰে।
ৰিচিপচন ৰুমটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে উদীপ্ত ই। ৰিচিপচনিষ্টজনী তেতিয়া কিবা এটা লিখাত ব্যস্ত আছিল।যিকোনো পুৰুষকে আকৰ্ষণ কৰিব পৰা চেহেৰাৰ অধিকাৰী যুৱতী গৰাকী। কব নোৱাৰাকৈয়ে যুৱতী গৰাকীক চাই ৰ'ল উদীপ্ত ই। এবাৰ যুৱতী গৰাকীয়ে মূৰ তুলি চাওতে চকুত চকু পৰিল উদীপ্তৰ। উদীপ্তলৈ চাই ৰহস্যময়ী হাঁহি এটা মাৰিলে যুবতীগৰাকীয়ে তাৰ পাচত আকৌ নিজৰ কামত ব্যস্ত হ'ল তাই। উদীপ্তৰ মনটোত সন্দেহৰ বীজটোৱে উকমুকাই উঠিল।
"আহক আপোনালোক, ছাৰে মাতিছে।" উদীপ্তৰ চিন্তাত যতি পেলাই শাংকবে আহি মাত লগালে।
"ঠিক আছে বলক।" শাংকবৰ পিছে পিছে খোজ ল'লে নবাৰুণ আৰু উদীপ্ত ই। উদীপ্তহঁত যোৱাৰ ফালে চাই আকৌ এবাৰ হাঁহি এটা মাৰিলে যুৱতীগৰাকীয়ে।
অমৰজ্যোতি চৌধুৰীয়ে তেতিয়া এহাল পেচেন্টক চাই বিদায় দিছিল। উদীপ্তহতক দেখিয়েই স্বভাৱসুলভ হাঁহিটো মাৰিলে চৌধুৰীয়ে। সন্মুখৰ আসন কেইখনত দুয়োকে বহিবলৈ দি শাংকবক কোনোবাএজনক কেন্টিনৰ পৰা চাহ তিনিকাপ আনিবলৈ কবলৈ পঠালে চৌধুৰীয়ে।
"হঠাৎ এনেকৈ একো খবৰ নিদিয়াকৈ ইয়াত আহি ওলালাহি যে। ঘৰলৈকে আহিব লাগিছিল তোমালোক ৰাতিৰ ভাতসাজ খোৱাকৈ।" চৌধুৰীয়ে বিনম্ৰতাৰে ক'লে।
"ভাত খোৱাকৈ পাচতেই যাম বাৰু আমি। সদ্যহতে বেলেগ কথা এটাৰ কাৰণেহে এইফালে আহিলো।" নবাৰুণে গহীনাই ক'লে।
"বেলেগ কথা মানে।কোৱাচোন বাৰু।" অলপ আচৰিতেই হ'ল চৌধুৰী।
"কমলপুৰত হৈ থকা হত্যাকাণ্ড কেইটাৰ কথা নিশ্চয় আপুনি শুনিছে। সেই সম্পৰ্কত আমাৰ অলপ কথা আছিল।" পোনচাটেই মুল কথালৈকে আহিল উদীপ্ত।
"হত্যাকাণ্ড মানে এই চিৰিয়েলি হৈ থকা কেচটোৰ কথা কৈছা নেকি?কিন্তু সেই কেচটোৰ সন্দৰ্ভত মোৰ পৰা কি জানিব লগীয়া থাকিব পাৰে।"
"জানিবলগীয়া বহুতেই আছে ডাক্তৰ।আমি হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ যে এই তিনিওটা হত্যাকাণ্ড একেজন ব্যক্তিৰ দ্বাৰাই হৈছে।আৰু কেছটোৰ লগত সাধনা নাৰ্চিংহোমৰ ডাইৰেক্ট কানেকচন আছে।" তীৰ্যক চাৱনি এটা দিলে নবাৰুণে।
"কৈছা কি তুমি?কি এনে সম্পৰ্ক আছে কেচটোৰ আমাৰ নাৰ্চিংহোমৰ লগত?" বুকুখন কপি উঠিল চৌধুৰীৰ।
" মৃত মহিলাকেইগৰাকীৰ হাজবেণ্ড কেইজন আপোনাৰ নাৰ্চিংহোমলৈকে মেডিকেল টেষ্টৰ বাবে আহিছিল সেই কথা আমি জানো।" উদীপ্ত ই ক'লে।
" অ আহিব পাৰে কিন্তু ইয়াৰ লগত কেছটোৰ সম্পৰ্ক কি?" অলপ খঙেই উঠিল চৌধুৰীৰ
"সম্পৰ্ক আছে ডাক্তৰ, কাৰণ গোটেইকেইজন ব্যক্তিয়েই আছিল সন্তান জন্ম দিবলৈ অক্ষম, মানে আপোনালোকৰ ভাষাত ইম্পটেন্ট।আৰু আমাৰ যদি ভুল হোৱা নাই তেওলোকৰ মেডিকেল টেষ্টো আপুনিয়েই কৰিছিল।"
"অ কৰিছিলো চাগে, কিন্তু তাৰমানেটো এইটো নহয় তেওঁলোকৰ হত্যাকাণ্ডৰ লগত মোৰ কিবা সম্পৰ্ক আছে।" মাতটো কপি উঠিল চৌধুৰীৰ।
"আপোনাৰ লগত সম্পৰ্ক আছে বুলি আমিটো কোৱা নাই, আপুনিহে তেনেকৈ ভাবি ল'লে।" ঢেকঢেকাই হাঁহি দিলে উদীপ্ত ই।
"মনে মনে থাকা তুমি। কিছুমান ভিত্তিহীন কথা কৈ মোৰ মূৰটো গৰম কৰি নল'বা।তুমি জানানে তুমি কাৰ লগত....."
"আৰে জানো জানো মই বৰ্তমান কমলপুৰৰ বিখ্যাত এন্দ্ৰ'লজিষ্ট ডাক্তৰ অমৰজ্যোতি চৌধুৰীৰ লগতে কথা পাতি আছো। কিন্তু ডাক্তৰ চাহাব পুলিচৰ চকুত সকলো সমান লাগিলে তেওঁ ডাক্তৰেই হ্ওক বা ইঞ্জিনীয়াৰেই হ্ওক।" চৌধুৰীৰ কথাষাৰ শেষ হবলৈ নাপাওতেই মাত দিলে উদীপ্ত ই।
"তুমি মোক মিছাই সন্দেহ কৰা আৰম্ভ কৰিছা। কমলপুৰত মোৰ এটা সন্মান আছে উদীপ্ত। মিছা কিছুমান সন্দেহ কৰি মোৰ মান মৰ্যদাখিনি শেষ কৰি নেপেলাবা প্লিজ। দুদিন পাছততো তুমি আমাৰ ঘৰখনৰ লগত সম্পৰ্ক কৰিবলৈ গৈ আছা।" চৌধুৰীৰ মাতত অনুনয়ৰ সুৰ ফুটি উঠিল।
"সেইবোৰ আলোচনা পাছতো হব। কিন্তু বৰ্তমান মই আপোনাৰ ওচৰলৈ এজন পুলিচ হৈ আহিছো।"
"কি হৈছে পাপা।" হঠাৎ কোঠাটোলৈ প্ৰাঞ্জনা সোমাই আহিল। উদীপ্ত অহা বুলি গম পাই প্ৰাঞ্জনা ল'ৰি অহাৰ দৰে আহিছিল তালৈ।
"চোৱাচোন মাজনী কমলপুৰত হৈ থকা চিৰিয়েল কিলিংৰ কেচটোক লৈ এওলোকে এতিয়া মোক সন্দেহ কৰা আৰম্ভ কৰিছে।" কৰুণ স্বৰেৰে ক'লে ডাক্তৰ চৌধুৰীয়ে।
"হোৱাট!! এইবোৰ আপোনালোকে কি আৰম্ভ কৰিছে। কি ভিত্তিত আপোনালোকে পাপাক এনেকৈ সন্দেহ কৰিছে।" চিঞৰি উঠিল প্ৰাঞ্জনা ই।
"প্ৰাঞ্জনা তুমি হয়তো গম নোপোৱা যে মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনে তোমাৰ দেউতাৰ ওচৰতে মেডিকেল টেষ্টখিনি কৰাইছিল। আৰু ৰিপৰ্টমতে গোটেই কেইজনেই ইম্পটেন্ট আছিল।" নবাৰুণে ক'লে।
"ত'হ তাতে কি হ'ল। চাওক এজন এন্দ্ৰ'লজিষ্ট হিচাপে দেউতাৰ এটা নাম আছে,সেইকাৰণে সন্তানহীনতাত ভোগা যিকোনো দম্পতী দেউতাৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিব পাৰে। সেইটোৱেই দেউতাৰ অপৰাধ নেকি?" জোৰেৰে চিঞৰি উঠিল প্ৰাঞ্জনাই।
"সেই হাজবেণ্ড কেইজন যে সন্তান জন্ম দিবলৈ অক্ষম আছিল সেইকথা তেওঁলোকে আন কাকো জনোৱা নাছিল। একমাত্ৰ তোমাৰ দেউতাৰ বাহিৰে সেই কথা আন কোনেও জনা নাছিল। এণ্ড আই এম ডেম চিউৰ যে মাৰ্ডাৰ কেইটাৰ মটিভ এইটোৱেই আছিল। " প্ৰাঞ্জনাতকৈও জোৰেৰে চিঞৰি দিলে উদীপ্ত ই।
"ষ্টপ ইট, যাষ্ট ষ্টপ ইট। আচল হত্যাকাৰীক এৰেষ্ট কৰিব নোৱাৰি এতিয়া আপোনালোকে বেবেৰিবাং কথা কিছুমান কৈ পাপাক হত্যাকাৰী সজাব খুজিছে।"
"তেনে কথা নহয় প্ৰাঞ্জনা, তুমি আমাক ভুল বুজিবলৈ আৰম্ভ কৰিছা।" নবাৰুণে বুজনিৰ সুৰত ক'লে।
"মই ভুল বুজিছো? অহ এক মিনিট মই এতিয়া বুজিছো আচলতে আপোনাৰ বিবাহৰ প্ৰস্তাৱটো অথনি মই নাকচ কৰাক লৈ আপুনি হয়তো এতিয়া পাপাৰ ওপৰত ৰিভেঞ্জ লবলৈ ট্ৰাই কৰিছে। অথনিতো আপুনি বেছ ভালদৰেই মোৰ কথাবোৰ বুজি পাইছিল, নে সেইয়া আপোনাৰ আমাৰ আগত অভিনয় আছিল।" চিঞৰি কথাষাৰ কৈছিল যদিও প্ৰাঞ্জনাৰ মাততো কান্দোনৰ দৰেহে ওলাল।কিংকৰ্তব্যবিমূঢ় হৈ ডাক্তৰ চৌধুৰীয়ে মাথো কথাবোৰ শুনি থাকিল।
"তেনেকুৱা ফাল্টু চিন্তা কৰিবলৈ ইমান।ঠেক মনোবৃত্তিৰ মানুহ নহয় মই। ইচ্ছা কৰিলে তোমাৰ দেউতাক উঠাই নি ভালদৰে সচা কথা বাহিৰ কৰিব পাৰো মই। একমাত্ৰ সন্মানৰ খাতিৰত তেনেকুৱা ব্যৱস্থা লোৱা নাই সেই কথা ভালদৰে জানি লবা। মিঃ চৌধুৰী যিমানখিনি জানে সকলো কৈ পেলোৱাতেই আপোনাৰ মংগল নহ'লে কিন্তু মই।" গৰজি উঠিল উদীপ্ত।খঙতে বহুত কিবাকিবিয়েই কৈ পেলালে সি।
"আহ হা প্ৰাঞ্জনা তুমি কথাবোৰ বেলেগ ফালে ঢাল খুৱাই কিয় নিছা। চাওক ডাক্তৰ আপুনি যদি কিবা জানে সকলোখিনি কৈ পেলাওক।"নবাৰুণে মাজতে মাত লগালে। দুয়োৰে বাক বিতন্তাই ইতিমধ্যে তীব্ৰ ৰূপ লৈছিলগৈ।
"কি কব পাপাই, যিটো কাম তেওঁ কৰাই নাই সেইয়া তেওঁৰ পৰা জোৰ কৰি কেনেকৈ উলিয়াব পাৰিব আপোনালোকে। ঠিক আছে পাপাই যে হত্যাকাৰী তাৰ প্ৰমাণ ক'ত আপোনালোকৰ ওচৰত।" প্ৰাঞ্জনাৰ খঙে চুলিৰ আগ পাইছিলগৈ।
"হুহ প্ৰমাণ লাগে। তেওঁ যে হত্যাকাৰী নহয় তাৰ কিবা প্ৰমাণ দিব পাৰিবা তুমি?" উভতি ধৰিলে উদীপ্ত ই।
"দস্তুৰমত পাৰিম। ক্ওকচোন হত্যাকাণ্ড কেইটা কোনদিনা আৰু কিমান সময়ত হৈছিল?"
"প্ৰথমটো হত্যাকাণ্ড ১৪ ফেব্ৰুৱাৰীৰ দিনা, দ্বিতীয়টো ১৭ ফেব্ৰুৱাৰী আৰু লাষ্ট ময়ুৰাক্ষীৰ হত্যাকাণ্ডটো হৈছিল পৰহি মানে ২০ তাৰিখে। আৰু গোটেই কেইটা হত্যাকাণ্ড ই হৈছিল সন্ধিয়া সাতৰ পৰা চাৰে সাত বজাৰ ভিতৰত।" নবাৰুণে ক'লে।
"তেন্তে পাপাৰ ওপৰত সন্দেহ কৰাৰ প্ৰশ্ন ই নাহে কাৰণ পুৱাৰে পৰা ৰাতি ন-বজালৈ পাপা ই ইয়াতেই পেচেন্টৰ লগত টাইম পাৰ কৰে।" তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে প্ৰাঞ্জনা ই।
"হত্যাকাণ্ড হোৱা কেইদিন তেওঁ ইয়াতেই আছিল নে?" নবাৰুণে সুধিলে।
"হাণ্ড্ৰেড পাৰ্চেন্ট আছিল। দৰকাৰ হ'লে আমাৰ মেডিকেল ৰেকৰ্ড বুক চেক কৰিব পাৰে। প্ৰয়োজনত পাপা ইয়াৰ পৰা কেতিয়া বাহিৰলৈ ওলাইছিল সেইয়াও চিচিটিভিত চেক কৰিব পাৰে।" দৃঢ়তাৰে ক'লে প্ৰাঞ্জনাই।
"চোৱা তোমালোকৰ কৰবাত কিবা ভুল হৈছে নিশ্চয়। মইতো সেইসময়ত ইয়াতেই থাকো।" ইমানসময়ে মনে মনে থকা চৌধুৰীয়ে মাত দিলে।
"কিন্তু....."কিবা এটা কব খুজিও ৰৈ গ'ল উদীপ্ত।
"নাই দোস্ত কিবা এটা খেলি মেলি আছে ছাগে। ব'ল এতিয়া ঘৰলৈ যাওঁ।আকৌ কথাবোৰ ভালকৈ ভাবিব লাগিব। আপুনি আমাক বেয়া নাপাব, বহুত কিবাকিবিয়েই কৈ পেলোৱা হ'ল আপোনাক।উই আৰ ৰিয়েলি ভেৰি ছৰী।" নবাৰুণে কোমলকৈ ক'লে।
"আপোনালোকে তাৰমানে এনেকৈয়ে ইনভেষ্টিগেছন কৰে। উইদাউত এনি প্ৰুফ যাকে তাকেই মানে হুহ।" প্ৰাঞ্জনাৰ কথাষাৰত ভীষণ লাজ পালে উদীপ্ত আৰু নবাৰুণে। অৱশ্যে তাৰ উত্তৰ দিবলৈ সিহঁতৰ হাতত একোৱেই নাছিল।
"ঠিক আছে আমি এতিয়া আহিছো। কিন্তু মই এতিয়াও চিউৰ সাধনা মেডিকেলতেই আচল ৰহস্যটো লুকাই আছে। আপুনি নাৰ্চিংহোমত থকা সকলোকে জনাই দিব উইদাউত আৱাৰ পাৰমিছন কোনোৱেই এই চহৰ এৰি বাহিৰলৈ যাব নোৱাৰিব।আনকি তদন্তৰ খাতিৰত আপুনিও।হত্যাকাৰী যে আপোনাৰ ইয়াতেই আছে সেইয়া মই ভালদৰে জানো আৰু অতি সোনকালেই যে সি আমাৰ হাতৰ মুঠিত হব সেইয়াও খাটাং।" উদীপ্তৰ মনৰ সন্দেহ তেতিয়াও দূৰ হোৱা নাছিল।
"উইছ ইউ অল দ্য বেষ্ট এ.চি.পি উদীপ্ত ভৰদ্বাজ। মই প্ৰাৰ্থনা কৰিম ঈশ্বৰক যাতে আপুনি সফল হয়।" তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে প্ৰাঞ্জনাই। প্ৰাঞ্জনাৰ হাঁহিটোৱে শেলে বিন্ধা দি বিন্ধিলে উদীপ্তক। একো নমতাকৈ বাহিৰলৈ ওলাই আহিল নবাৰুণ আৰু উদীপ্ত।
বাহিৰলৈ ওলাই আহি ৰিচিপচনটোৰ ফালে এবাৰ চালে উদীপ্ত ই। অথনি দেখা যুৱতীগৰাকীৰ পৰিবৰ্তে আন এগৰাকী যুৱতীহে চকুত পৰিল উদীপ্তৰ। কিবা এটা ভাবি ৰিচিপচনৰ ওচৰলৈ আগুৱাই গ'ল উদীপ্ত।নবাৰুণে গাড়ীখন উলিয়াবলৈ আগুৱালে।
"হাও কেন আই হেল্প ইউ ছাৰ।" যুৱতীগৰাকীয়ে সম্ভাষণ জনালে।
"ইয়াতে অথনি বেলেগ এজনি ছোৱালী আছিল। এতিয়া নাই নেকি?"উদীপ্ত ই সুধিলে।
"অহ নাচৰিণৰ কথা সুধিছে চাগে। তাইৰ চিফ্ট শেষ হ'ল এতিয়া।" যুৱতীয়ে উত্তৰ দিলে।
"ছোৱালীজনীৰ নামটো কি বুলি ক'লে?"
"মেহমুদা চাবিৰা নাচৰিণ।" হাঁহি এটা মাৰি উত্তৰ দিলে যুৱতীয়ে।
"আচ্ছা তেওঁৰ সদায় এইটো টাইমতে চিফট শেষ হয় নেকি?"
"প্ৰায়ে তাইৰ দিনতে চিফ্ট থাকে। কিয় সুধিলে?" যুবতীগৰাকীৰ চেলাউৰিযোৰ কোচ খাই উঠিল।
"নাই নাই এনেই সুধিলো।" যুৱতীগৰাকীক ধন্যবাদ দি আতৰি আহিল উদীপ্ত। তাই আকৌ ব্যস্ত হৈ পৰিল। কিবা এটা ভাবি ভাবি ওলাই আহিল উদীপ্ত। নবাৰুণে তেতিয়ালৈ গাড়ী উলিয়ই আনিছিল পাৰ্কিং প্লেচৰ পৰা।
"অথনি ৰিচিপচনৰ ছোৱালীজনীক মন কৰিছিলি নেকি?" গাড়ীত গৈ থকাৰ পৰাই সুধিলে উদীপ্ত ই।
"নাইতো কিয়?"
"কিবা এটা খেলিমেলি যেন লাগিল। তাইৰ হাঁহিটো, চকুৰ চাৱনি কিবা যেন অস্বাভাৱিক।" উদীপ্ত যেন চিন্তাত পৰিল।
"সেইবোৰ চাগে তোৰ মনৰ ভাৱ। কেচটোৰ কথা এনিটাইম ভাবি থাকি তোৰ চাগে যাৰ তাৰ ওপৰতেই সন্দেহ অহা হৈছে।" গাড়ী চলাই থকাৰ পৰাই মাত দিলে নবাৰুণে।উদীপ্ত ই যেন মানি লবলৈ টান পালে।কিবা এটা ভাবি চিটটোত আউজি দিলে সি।
"ৰচোন ৰ,ছোৱালীজনীৰ নামটো বোলে মেহমুদা চাবিৰা নাচৰিণ।তেন্তে তাইৰ নামটোৰ প্ৰথম আখৰ কেইটা কি কি?" কিবা এটা মনত পৰি মুখেৰে হাঁহি এটা ওলাই আহিল উদীপ্তৰ
"এম এচ আৰু এন কিয়?" নবাৰুণে আচৰিত হৈ সুধিলে।
"ডেডবডি কেইটাৰ কাষত থকা আখৰ কেইটা কি কি আছিল?"
"এম এছ আৰু এন। মানে......" নবাৰুণৰো মুখখন উজ্জ্বল হৈ আহিল।
"কিবা এটা গৰবৰ আছে। বিদ্যুতক ফোন লগা। এই ছোৱালীজনীৰ এভৰিথিং ডিটেইলছ কালেক্ট কৰিব ক জল্দি।" উদীপ্তৰ কথাত বিশ্বাস অবিশ্বাসৰ মাজতেই বিদ্যুতলৈ ফোন লগালে নবাৰুণে।
(আগলৈ)