#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৭)
মৃতদেহটো ভালদৰে এবাৰ পৰ্যবেক্ষণ কৰিলে উদীপ্ত ই। সাধাৰণ মানুহৰ বুকু কপি উঠিব পৰা এক নাৰকীয় হত্যা। জঘন্য ভাবে অতি ধাৰাল অস্ত্ৰৰ দ্বাৰা মৃত ময়ুৰাক্ষীৰ মুণ্ডটো শৰীৰৰ পৰা পৃথক কৰি ড্ৰয়িং ৰুমৰ চেন্টাৰ টেবুলখনত সজাই থৈছে পাষাণ হত্যাকাৰীয়ে। কাষত তেজেৰে এইবাৰ ডাঙৰকৈ N আখৰটো। কিমান নিৰ্দয় হব পাৰে হত্যাকাৰী। এনেকৈ নিৰ্মমভাবে তিনিটা হত্যাৰ পাছতো মুকলিকৈ ঘূৰি ফুৰিছে হত্যাকাৰী। নিজৰ ওপৰতে ধিক্কাৰ উপজিল নবাৰুণ আৰু উদীপ্তৰ। ড্ৰয়িং ৰুমটোৰ এটা চুকত বহি হুকহুকাই কান্দি আছিল ময়ুৰাক্ষীৰ স্বামী সুদৰ্শন ৰাজখোৱাই। সুদৰ্শন ৰাজখোৱা কমলপুৰৰে মাল্টিনেছনেল কোম্পানী এটাৰ চাকৰিয়াল।
"হত্যাৰ সময়ত আপুনি ক'ত আছিল?" মানুহজনক প্ৰশ্ন সোধাৰ ইচ্ছা নাছিল যদিও নিয়মমাফিক দুটামান প্ৰশ্ন কৰিলে উদীপ্ত ই।
"কাইলৈ অফিচত কনফাৰেন্স এখন আছিল। সেইকাৰণে অফিচতে আজি মোৰ যথেষ্ট দেৰি হৈছিল।ঘূৰি আহি দেখো তেওঁক কোনোবাই........." কান্দোনত ভাগি পৰিল সুদৰ্শন।
"আপোনালোক দুজনৰ বাহিৰে ঘৰত আৰু বেলেগ কোনো নাথাকে নেকি?" এইবাৰ নবাৰুণে প্ৰশ্ন কৰিলে।
"মা থাকে।কিন্তু পৰহিয়েই মা ভন্টীৰ ঘৰলৈ থকাকৈ গৈছে।" কান্দি কান্দিয়েই উত্তৰ দিলে মানুহজনে।
"আপোনাক প্ৰশ্ন কৰি অশান্তি নিদিও কাৰণ আপোনাৰ মনৰ অৱস্থা আমি বুজি পাইছো। এইসময়ত আপোনাক নিজকে কন্ট্ৰল কৰিবলৈ কোৱাৰ বাহিৰে বেলেগ শব্দ আমাৰ ওচৰত নাই। বৰ্তমান ময়ুৰাক্ষীৰ মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠাব লাগিব। কাইলৈহে আপোনালোকে যাবতীয় কাম খিনি কৰিব পাৰিব।" মানুহজনক সান্তনাৰ সুৰত কথাখিনি ক'লে নবাৰুণ। উদীপ্তৰ মুখখনলৈ চালে নবাৰুণে, কিবা যেন গভীৰ চিন্তাত।
"আচ্ছা এওলোকক চিনি পায় নেকি?" হঠাৎ কিবা মানত পৰিল উদীপ্তৰ। নিজৰ চেলুলাৰটোত থকা মৃত চয়নিকা আৰু সবিতাৰ ফটো দুখন সুদৰ্শনক দেখুৱালে উদীপ্ত ই।
"নাই চিনি নাপাও।কোন এওলোক।" সুদৰ্শনে উত্তৰ দিলে।
"এওলোকো ইয়াৰে বাসিন্দা। এই দুগৰাকী মহিলাকো ঠিক ময়ুৰাক্ষীক হত্যা কৰাৰ দৰেই হত্যা কৰা হৈছিল আজিৰ পৰা কিছুদিন আগত। আমাৰ সন্দেহ তিনিও গৰাকীৰে হত্যাকাৰী একেজনেই।বাৰু আপোনাক এতিয়া আমি বেছি কথা সুধি ডিষ্টাৰ্ব নিদিও। কিন্তু আপোনাক কথা দিছো ময়ুৰাক্ষীৰ হত্যাকাৰী আমাৰ হাতৰ পৰা সাৰি যাব নোৱাৰে।" মৃতদেহটোৰ যাবতীয় কামখিনি কৰিবলৈ নিৰ্দেশ দি ওলাই আহিল নবাৰুণ আৰু উদীপ্ত।
"কি ভাবিছ?" গাড়ী চলাই গৈ থকাৰ পৰাই মাত দিলে নবাৰুণে।
"মোৰ মতে হত্যাকাৰী কোনো সাধাৰণ মানুহ নহয়।"
"সাধাৰণ মানুহ নহয় মানে?" আচৰিত হ'ল নবাৰুণ।
"মোৰ মতে হত্যাকাৰী কোনোবা মানসিক বিকাৰগ্ৰস্ত মানুহ। এককথাত কবলৈ গ'লে এই কামটো কোনোবা চাইক' কিলাৰৰ।" গহীনাই উত্তৰ দিলে উদীপ্ত ই।
"কিন্তু ত্ই কেনেকৈ কব পাৰিলি এইটো কোনোবা চাইক'ৰ কাম বুলি?" আশ্বৰ্য্যৰে সুধিলে নবাৰুণে।
"এনেধৰণৰ হত্যাকাৰীবোৰে হয়তো জীৱনৰ কোনোবা এটা সময়ত কিবা কথাত কোনোবা ব্যক্তিৰ পৰা মানসিক ভাবে যথেষ্ট আঘাত পায়। যাৰ ফলত সেই ব্যক্তিজনৰ লগত সাদৃশ্য থকা আন কোনোবা ব্যক্তিকো নিজৰ শত্ৰু বুলি ভাবি লয় আৰু তেওঁলোকক হত্যাকৰা আৰম্ভ কৰে। হত্যা কৰি কিলাৰজনে মানসিকভাবে ভীষণ তৃপ্তি লাভ কৰে যাৰ ফলত একেধৰণৰেই কৰি যায় এটাৰ পাছত এটাকৈ হত্যাকাণ্ড। তাৰোপৰি এনে কিছুমান চাইক কিলাৰ থাকে যিয়ে এজনৰ পাছত এজনক হত্যা কৰে অন্ধবিশ্বাসৰ বশবৰ্তী হৈ। তাতোকৈ আচৰিত কথা এনেধৰণৰ কিলাৰ বোৰে হত্যাৰ পাচত একোটাকৈ চিন এৰি থৈ যায়।" গম্ভীৰ স্বৰেৰে কথাখিনি ক'লে উদীপ্ত ই।
"চিন এৰি থৈ যায় মানে?" উৎসুকতাৰে সুধিলে নবাৰুণে।
"হেৰিবাৰ্টো চেদাৰ নাম শুনিছ?"
"নাই শুনা।"
"হেৰিবাৰ্টো চেদা নিউয়ৰ্কৰ এটা চিৰিয়েল কিলাৰ আছিল। চেদাই তিনিজন মানুহক হত্যা কৰিছিল আৰু আন পাচজনক আঘাতপ্ৰাপ্ত ভাবে পোৱা গৈছিল। চেদাই এৰি যোৱা নিচানটো আছিল ভিক্তিম কেইজনৰ জদিয়াক চাইন।আৰু এনেকুৱা বহুত চাইক' কিলাৰ আছে কৈ থাকিলে হয়তো শেষ নহব।" বিজ্ঞৰ দৰে ক'লে উদীপ্ত ই।
"ত্ই দেখিছো চিৰিয়েল কিলাৰৰ ওপৰত বেছ কিছু অধ্যয়ন কৰিছ। পিচে এইটো কেচত তেনেকুৱা কিবা নিচান আছে জানো?" নবাৰুণে ক'লে।
"কিয় কটা মূৰ কেইটাৰ কাষত তেজেৰে লিখা আখৰ কেইটা। বোধহয় কিলাৰে এই আখৰ কেইটাৰ যোগেদিয়েই কিবা ক'ব বিছাৰিছে।"
"কিন্তু আখৰ কেইটাৰ মাজত লিংকটো বা কি?" নবাৰুণ চিন্তাত পৰিল।
"সেইটো বিছাৰি উলিওৱাটোৱেই এতিয়া আমাৰ দায়িত্ব। কিন্তু তাৰ আগত মহিলা কেইগৰাকীৰ মাজত কিবা মিল আছে নেকি বিছাৰিব লাগিব।তেতিয়া আমাৰ কাৰণে হত্যাকাৰীৰ কাষ চপাটো ইজি হব।"
"কিন্তু মানুহ কেইজনীৰ মাজতটো তেনেকুৱা একো মিল নাই?"
"হয়তো মানুহকেইজনীৰ মাজত মিল নাই। কিন্তু আই থিংক তেওঁলোকৰ হাজবেণ্ডৰ মাজতেই কৰবাত নহয় কৰবাত কিবা এটা মিল আছে।ত্ই এটা কাম কৰ শংকৰক ফোন কৰি এই মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনৰ মাজত কিবা মিল আছে যদি বিচাৰিব ক। তেওঁলোক লাষ্ট এমাহত ক'ত ক'ত গৈছিল, কি কি কৰিছিল এভৰিথিং ডিটেইলছ কালেক্ট কৰিবলৈ দে যিমান পাৰি সোনকালে। আৰু এটা হত্যাকাণ্ড হোৱাৰ আগত আমি তাক এৰেষ্ট কৰিব লাগিব।আই এম নাইন্টি পাৰ্চেন্ট চিউৰ এওলোকৰ হাজবেণ্ডৰ মাজতে আচল ৰহস্যটো লুকাই আছে।মই আকৌ কাইলে এপাক পাৰ্কৰ ফালে যাম। প্ৰাঞ্জনাই কাইলৈ লগ কৰিম বুলি ফোন কৰিছিল।"
"মইও কাইলৈ দেউতাকৰ নাৰ্চিংহোম খনলৈ এপাক যাব লাগিব। ৰিপৰ্টটো অনাই হোৱা নাই নহয়।" উদীপ্তৰ কথাষাৰত মুখখন কিছু উজ্জ্বল হ'ল নবাৰুণৰ। বিশেষ দেৰি নকৰি শংকৰক কথাখিনি ভালকৈ বুজাই দিলে নবাৰুণে। নিশা তেতিয়া প্ৰায় ন বাজিছিল। ঘৰ অভিমুখে গাড়ী দৌৰাই দিলে নবাৰুণে, অবিৰাম গতিত।
◆◆◆◆◆◆◆◆◆◆◆
প্ৰাঞ্জনাই কোৱা মতেই দুপৰীয়া গৈ পাৰ্কত উপস্থিত হৈছিল উদীপ্ত। প্ৰাঞ্জনা ইতিমধ্যেই তাতকৈ আগতেই আহি পাৰ্কৰ বেঞ্চ এখনতে বহি আছিল, লগত এজন যুৱক। যুৱকজনক দেখি কিছু আচৰিতেই হ'ল উদীপ্ত। ল'ৰাজনলৈ ভালকৈ লক্ষ্য কৰিলে উদীপ্ত ই, প্ৰায় তাৰ সমবয়সীয়াই হব। ফ্ৰেন্স কাট দাৰি, পৰিপাটি পোচাকেৰে ল'ৰাজন বেছ ভদ্ৰঘৰৰেই যেন অনুমান হ'ল উদীপ্তৰ। উদীপ্তক দেখাৰ লগে লগে হাঁহি এটা মাৰি হাতখন জোকাৰিলে প্ৰাঞ্জনাই।
"হাই মইয়ে প্ৰাঞ্জনা। চিনি পাইছে চাগে।আৰু এও প্ৰদ্যুম্ন ডেকা।আমি একেখন মেডিকেল কলেজৰে ষ্টুডেন্ট আছিলো। এও মোতকৈ দুবছৰ চিনিয়ৰ আছিল। এতিয়া দেউতাৰ নাৰ্চিংহোমতে এখেতে দেউতাৰ এচিচটেন্ট হিচাপে কৰি আছে। আৰু এখেত উদীপ্ত ভৰদ্বাজ। মইযে তোমাক কৈছিলো।"
যুবকজনৰ লগত উদীপ্তক চিনাকি কৰাই দিলে প্ৰাঞ্জনাই। মিচিকি হাঁহি এটা মাৰি হাতখন আগবঢ়াই দিলে প্ৰদ্যুম্ন ই। উদীপ্ত ইয়ো হাঁহি এটা মাৰি কৰমৰ্দন কৰিলে প্ৰদ্যুম্নৰ লগত। প্ৰাঞ্জনাৰ লগত কেনেকৈ কথা আৰম্ভ কৰিব ভাবি বিবুধিত পৰিল উদীপ্ত। আচলতে ছোৱালীৰ লগত কথা পাতিবলৈ আগৰে পৰা যথেষ্ট লাজ কৰে উদীপ্ত ই। তাতে প্ৰদ্যুম্নৰ উপস্থিতিয়ে ভীষণ অস্বস্তিত পেলালে তাক।
"আপোনাৰ মনৰ কথা মই বুজিব পাৰিছো। আচলতে আপোনাক বিশেষ কথা এটাৰ কাৰণেহে এনেকৈ ইয়ালৈ মাতিলো।" কও নকও কথাখিনি ক'লে প্ৰাঞ্জনাই।
"কোৱাচোন বাৰু?" প্ৰাঞ্জনাক সহজ কৰিবলৈ হাঁহি এটা মাৰি দিলে উদীপ্ত ই।
"মানে আপুনি যদি বেয়া নাপায় প্লিজ এই বিয়াখন কেনচেল কৰি দিয়ক।" কথাখিনি কওতে যথেষ্ট ইতস্ততঃ বোধ কৰিলে প্ৰাঞ্জনাই। ধমহকৈ মাৰিলে উদীপ্তৰ বুকুখনত। ইমান দিনে প্ৰাঞ্জনাক লৈ বহুত কথাই ভাবি পেলাইছিল সি। হঠাৎ প্ৰাঞ্জনাৰ এনেধৰণৰ কথাষাৰে আচৰিত কৰি তুলিলে উদীপ্তক। কি কব একো ভাবি নাপালে সি।
"আচলতে আমি ইজনে আনজনক কলেজত পঢ়ি থকাৰ পৰাই ভাল পাইছিলো। কিন্তু ঘৰত কথাবোৰ ভালকৈ খুলি কব পৰা নাছিলো। আচলতে আমি দুয়ো ঘৰত কথাবোৰ জনাম বুলি ভাবিছিলোৱেই কিন্তু তেনেকুৱাতে আপোনাৰ ঘৰৰ লগত প্ৰাঞ্জনাৰ বিয়াৰ কথা-বতৰা চলিল।আমি কথাবোৰ সোনকালেই দুয়োখন ঘৰতেই জনাম।কিন্তু তাৰ আগতে আপুনি প্লিজ বিয়াখন কেনচেল কৰি দিয়ক।আচলতে ভুল আমাৰেই, আমি কথাবোৰ আগতেই জনোৱা হ'লে কথাবোৰ ইমান আগ নাবাঢ়িল হেতেন। এতিয়া আপোনাক এনেদৰে কথাখিনি কব লগা হোৱাত আমাৰে বহুত বেয়া লাগিছে। উই আৰ ৰিয়েলি ভেৰি ছৰী।প্লিজ আমাক বেয়া নাপাব।" বেছ ভদ্ৰ ভাবেই কথাখিনি ক'লে প্ৰদ্যুম্ন ই।
"আৰে বেয়া কিয় পাম। আপোনালোকে প্ৰেমহে কৰিছে একো বেয়া কাম কৰা নাই নহয়। আচলতে মইহে আপোনালোকক ধন্যবাদ জনাব লাগে ইমান খোলাখোলিকৈ সকলোখিনি কৈ দিয়াৰ বাবে। আপোনালোকে চিন্তা কৰিব নালাগে। প্ৰাঞ্জনাৰ দেউতাকৰ লগত মই কথা পাতিম। আৰে সচা প্ৰেমত ভয় কিহৰ।" বুকুখন মোচৰ খাই উঠা যেন লাগিছিল উদীপ্তৰ।কিন্তু মনৰ ভাব খিনি লুকুৱাই সহজকৈ কথাখিনি কৈ পেলালে উদীপ্ত ই।
"আৰে তুমিচোন বেছ টেনচনতেই পৰিছিলা।" প্ৰাঞ্জনালৈ চাই মিচিকিয়াই হাঁহি দিলে উদীপ্ত ই। গোমা হৈ থকা পৰিস্থিতিটো সহজ কৰিবলৈ চেষ্টা কৰিলে সি।
"আপোনাক যে কি বুলি ধন্যবাদ জনাম।কিন্তু আপোনাৰ ঘৰখনেটো চাগে.......চেহ মইহে"
প্ৰাঞ্জনাৰ মুখখন তেতিয়াও গোমা হৈয়ে আছিল।
"আৰে ধন্যবাদ দি লাজত নেপেলাবা দেই মোক। তুমি একো চিন্তা কৰিব নালাগে। আমাৰ ঘৰখনে সেইবোৰ বিশেষ একো ভাবি নাথাকে।। তুমি একেবাৰে টেনচন নল'বা। তোমালোকৰ সংসাৰখন সুখৰ হ্ওক। মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল দেই।আৰু বিয়াখন নহ'ল কি হ'ল আমিটো ভাল ফ্ৰেণ্ড হৈ থাকিব পাৰো নে কি কোৱা।" সেমেকা হাঁহি এটা মাৰি কথাখিনি ক'লে উদীপ্ত ই।
"থেংক ইউ চ' মাচ।" প্ৰাঞ্জনাৰ মনটো তেতিয়াহে অলপ ফৰকাল হৈছিল।
প্ৰদ্যুম্ন আৰু প্ৰাঞ্জনা গ'লগৈ। যোৱাৰ আগতে আনন্দতে উদীপ্তক সাবটি ধৰিছিল প্ৰাঞ্জনাই। বুকুখন বহুত গধুৰ গধুৰ লাগিল উদীপ্তৰ। প্ৰাঞ্জনাই সাবটি ধৰোতে অজানিতে দুটোপাল চকুলো ওলাই আহিছিল তাৰ। পাৰ্কৰ বেঞ্চ এখনতে হেলান দিলে উদীপ্ত ই। গাটো অৱশ অৱশ লাগিছিল তাৰ।আচলতে প্ৰাঞ্জনাৰ কথা নজনাকৈয়ে নিজেই এটা ডাঙৰ সপোন দেখিছিল সি তাইক লৈ। নিজৰ ওপৰতেই খং উঠিল তাৰ। বহুত সময় ধৰি বেঞ্চখনত বহিয়েই পাৰ কৰি দিলে উদীপ্ত ই। নিৰৱতাখিনি ভাঙি হঠাৎ উচ্চস্বৰত বাজি উঠিল উদীপ্তৰ ফোনটো। ইন্সপেক্টৰ শংকৰৰ ফোন।
"অ শংকৰ কোৱা।" উদীপ্ত ই সহাৰি জনালে।
"ছাৰ ইম্পৰটেন্ট কথা এটা আছে। আপুনি কোৱা মতেই মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ডৰ মাজত কিবা ৰিলেছন আছে নেকি তাৰ অনুসন্ধান চলাইছিলো কালিৰে পৰা। ছাৰ আচৰিত কথা এটা গম পালো।" শংকৰে ক'লে।
"য়েচ য়েচ কোৱাচোন।" উৎসাহেৰে সুধিলে উদীপ্ত ই।
"ছাৰ গোটেই কেইগৰাকী মহিলাৰ হাজবেণ্ড কেইজন ইম্পটেন্ট আছিল। মানে ছাৰ গোটেই কেইজন সন্তান জন্ম দিবলৈ অক্ষম আছিল।"
"হোৱাট!!!!" শংকৰৰ ফোন কলটোৱে গধুৰ মন এটাৰ মাজতো মুখখন উজ্জ্বল কৰি তুলিলে উদীপ্তৰ। শংকৰৰ লগত ফোনটোৰ সংযোগ বিছিন্ন কৰি নবাৰুণৰ নম্বৰটো ডায়েল কৰিলে সি। খবৰটো এতিয়াই নবাৰুণক জনাব লাগিব।
(আগলৈ)