অথনিতে লহিয়ালে
ভাগৰৰ বেলাতি
ক্ৰমশঃ চকুহাল তেজাল হ'বলৈ ধৰিছিল
তাই সেউজীয়া হৈ পদূলিত ৰৈ আছিল
দূৰৈৰ পৰাই এজাক হাহিৰ সম্ভাষন
মই আপং পিয়া নাছিলোঁ
নাই সেইবোৰ অভ্যাস নাছিল
আজিও অসমৰ্থ
মোৰ অসমৰ্থবোৰ তাই
হাঁহি জাকিৰে আৱৰাৰ
এক ব্যৰ্থ প্ৰয়াসত
বেদনা বোৰ চচ্ছ আছিল
মই বাকৰুগ্ধ,
মই শেষ নিশা জোনাকীৰ মৰীচিকা
মই আপং পিয়া নাছিলোঁ
এবুকু অভাৱেই যথেষ্ট আছিল
তাই বুজিছিল মোৰ চুটি উশাহবোৰক
চুলিত হাত বুলাই কৈছিল
"প্ৰশান্তিৰ জখলাত আমি ব্যৰ্থ প্ৰেমিক নহয়
মোৰ সেন্দুৰ তোমাৰ হাহিৰ
ৰহস্য হওঁক
মই জীৱন দলিচাত
বকুল বুটলিম ।"