যশোধৰা ষোড়শী সুন্দৰী। সিদ্ধাৰ্থৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত দুয়োৰে বয়স ১৬ বছৰ অৰ্থাৎ সমবয়সী। বিয়াৰ ১৩ বছৰ পিছত ৰাহুলৰ জন্ম হয়। যশোধৰা পুত্র জন্ম দিয়াৰ আনন্দ আৰু ক্লান্তিৰ নিদ্রাত মগ্ন !! সেই ৰাতিয়ে ৰাজকুমাৰ সিদ্ধাৰ্থই হাতত সাৰে, ভৰিত সাৰে, ঘৰ-সংসাৰ এৰি গুচি গ'ল সত্যৰ সন্ধানত।
যশোধৰা ভাঁগি পৰিল।
তাই হেৰুৱাই পেলালে জীৱনৰ সকলো অৰ্থ !! তথাপি তাইৰ নাছিল কাৰো প্রতি অভিযোগ।সংকল্প ল'লে জীয়াই থকাৰ নুন্যতম প্রয়োজনীয়তাখিনিক লৈ। শৰীৰৰ গহনা‐পাতি, আ-অলংকাৰ সকলো খুলি পেলাই, মাত্র এখন বস্ত্রৰে দেহ ঢাকি, দিনটোত মাত্র এবাৰ আহাৰ গ্রহণ কৰি, কৃচ্ছ্রতাকে সাধনা কৰি ল'লে।
দৃঢ়তা মাথো; মানুহ কৰি গঢ়ি তুলিব ৰাহুলক !! বন্ধু-বান্ধৱী, ইষ্ট-কুটুম সকলোৱে আহি পৰামৰ্শ দিলে তাইক — 'তুমি পাহৰি যোৱা মানুহজনক। নতুন জীৱন আৰম্ভ কৰা !!'
বহু দেশৰ ৰাজকুমাৰে যশোধৰাক বিবাহৰ প্রস্তাৱ দিলে।
কিন্তু যশোধৰাই সকলো প্রতাখ্যান কৰি গ'ল।
সময় বাগৰি গ'ল।
আৰু এদিন এক শুভক্ষণত সিদ্ধাৰ্থ উভতি আহিল গৌতম বুদ্ধ হৈ। অতৰ্কিতে সংসাৰ এৰি থৈ যোৱা সেই দেখনীয়াৰ ৰাজকুমাৰ জনক চিনি পাবলৈ যশোধৰাৰ যেন অসুবিধা হ'ল এক্ষন্তেক !!
কিছু অৰ্থপূৰ্ণ মৌন সময় অতিবাহিত হোৱাৰ পিছত যশোধৰাই ক'লে — 'মানুহে এতিয়া তোমাক বুদ্ধ বুলি কয় !!'
'হয়, ময়ো শুনিছোঁ তেনেকৈ' — গৌতমে বিনম্রতাৰে ক'লে।
'ইয়াৰ অৰ্থ কি...?' — চকুত চকুথৈ যশোধৰাই সুধিলে।
'ইয়াৰ অৰ্থ জ্ঞানেৰে উদ্ভাসিত হোৱা' — গৌতমে ক'লে।
তাই মিচিকিয়াঁই নিশব্দে হাঁহিলে, আৰু ক'লে — 'মই ভাবোঁ, আমাৰ দূৰত্বৰ সময়চোৱাত তুমি শিকিলা। ময়ো শিকিলোঁ। তোমাৰ জ্ঞানে, পৃথিৱীৰ মানুহৰ আত্মাক সমৃদ্ধ কৰিব। আৰু মোৰ জ্ঞান দূৰ্ভাগ্যৱশতঃ এন্ধাৰতে পৰি ৰ'ব।'
'কি সেই জ্ঞান...?' — বুদ্ধই কৌতুহলেৰে সুধিলে !!
যশোধৰাৰ অশ্রুসিক্ত নয়নযুগল যেন হীৰাৰ দৰে জিলিকি উঠিল !!
গম্ভীৰ ভাৱে ক'লে তাই — 'এজনী সহনশীলা সাহসী নাৰীক নিজকে সম্পূৰ্ণৰূপে গঢ়ি তুলিবৰ বাবে কোনো পুৰুষ নহ'লেও চলে।'
————————————————
বিঃ দ্রঃ — নাৰী বা পুৰুষ বুলি কথা নাই, ই মাত্ৰ উদাহৰণহে। আমি সকলো অকলশৰীয়া। অকলশৰেই আমাক ভগৱানে পঠাইছে। সাহসী, সময়-পৰিস্থিতিৰ সতে যুঁজিবলে আপুনি বা মই অকলেই যথেষ্ট। সেয়ে কোনোবা হেৰাই যোৱা নাইবা আঁতৰি যোৱাৰ বাবে আমি ভাগি পৰাৰ কোনো যুক্তি নাই। সাহসী হওঁক সদায়।
Beautiful 💙