ঠাণ্ডাৰ বতৰ..তাই যেতিয়া বাছত উঠিছিল এটা pink colour ৰ জেকেট পিন্ধি আছিল।চপ্না alredy বাছত বহিয়ে আছিল আৰু তাই সেই তিৰোতাজনীক দেখি মনতে ভাবিছিল মোৰ ওচৰত আহি নবহিলেই হই যদি ওচৰত আহি বহে বহুত adjust কৰি বহিব লাগিব but সেই তিৰোতাজনীয়েও চপ্নাৰ ওচৰতেই যাই বহিলে ।নিজৰ দীঘল চুলিকোছাত হাত ফুৰাই মহিলাজনীয়ে চপ্নাৰ ফালে নিজৰ সোঁহাতখন আগবঢ়াই দিলে আৰু ক'লে -" Haii..sunita here."চপ্নাইও প্ৰত্যুত্তৰত fake smile এটা দি নিজৰ নামটো ক'লে আৰু সুনীতাৰ চুলিকোছাৰ পিনে চালে।তাইৰ দীঘল চুলিকোছা ইমানেই মৰম লগা আছিল যে যিকোনো মানুহেই কিছুসময় চাই ৰব। চপ্নাৰ একপ্ৰকাৰ তাইৰ সেই চুলিকোছা দেখি ঈৰ্ষা হৈছিল। সুনীতাৰ হাতত এটি ডাক্তৰৰ ফাইল আছিল তাকে দেখি চপ্নাই ক'লে -"আৰে...এইজনীতো মোৰ চিনাকী হোমিওপেথিক ডাক্তৰ Dr. Sakhshi.."
সুনীতাই ক'লে "হা..তেওঁয়েই মোক treat কৰি আছে cancer ৰ বাবে"
Cancer শব্দটো শুনিয়ে চপ্না ভয় খাই গৈছিল।তাই ক'লে -"বেয়া নাপাবা সুনীতা এটা কথা কওঁ ।মোৰ এজন friend আছিল।সি কেমথেৰাপী লব বহুত ভয় কৰিছিল আৰু এইয়াই সি ডাঙৰ ভুল কৰিলে।মোৰ চকুৰ সন্মুখত তাৰ মৃত্যু হৈছিল এটা সময়ত ।" সুনীতাই ক'লে -"don't worry..মই দুয়োটাই কৰি আছো লগতে হোমিওপেথিকৰ treatment কৰি আছোঁ ।Actually I was a patient of breast cancer..টিউমাৰ ইমান ডাঙৰ আছিল যে মই 5 মাহলে কেমথেৰাপী লব লগা হৈছিল। 5 মাহৰ অন্তত এতিয়া নোহোৱা হল।
" বাহহ্..এইয়া টো good news...জানো আপোনাৰ বহুত কষ্ট হৈছে but atleast এতিয়া আপুনি সুস্থ।
" সুনীতাই নিজৰ বুকুত হাতখন দি ক'লে -"ইয়াৰ পৰাতো গুচি গল but 3 মাহ আগত ডাক্তৰে মোৰ brain ৰ পৰা টিউমাৰ বিচাৰি উলিয়ালে । টিউমাৰ brain ৰ চাৰিওকোণত এনেকৈ spread হৈ গৈছে যে তাক operate কৰা সম্ভৱ নহয়।"
কথাখিনি শুনাৰ লগে লগে স্তব্ধ হৈ গৈছিল পৰিৱেশ কেৱল বাহিৰৰ গাড়ীৰ শব্দহে আহিছিল দুয়োৰে মাজত।
সুনীতাই মূৰৰ wig টো খুলি খালী মূৰটো চপ্নাক দেখাই ক'লে "চোৱা না..কেমথেৰাপীৰ আৰু এটা round শেষ হল।এতিয়াটো চুটি চুটি চুলি আহিব ধৰিছে।" চপ্নাৰ হৃদয়ে কান্দি উঠিছিল।কিছুসময় আগত তাইৰ চপ্নাৰ চুলিকোছাৰ প্ৰতি ঈৰ্ষা হৈছিল আৰু এতিয়া সুনীতাৰ সেই খালী মূৰটোত চুটি চুটি বগা চুলিকেইদাল দেখি তাইৰ অন্তৰে কান্দি উঠিছিল।
খিৰীকিৰ reflection ত সুনীতাই নিজৰ wig টো adjust কৰি ক'লে -"মই 30 বছৰৰ আছিলোঁ যেতিয়া মোক মোৰ স্বামীয়ে এৰি গৈছিল 2 টা সন্তানৰ সৈতে।তেতিয়াৰ পৰাই বহুত কষ্ট কৰি সন্তান দুটাক ডাঙৰ দীঘল কৰিছোঁ।" এই গোটেই কথাখিনি শুনি চপ্নাই এটা কথা লক্ষ্য কৰিছিল যে সুনীতাই নিজৰ জীৱনৰ ওপৰত কেতিয়াও খং কৰা নাছিল,নিজক লৈ কেতিয়াও দুখ কৰা নাছিল।তাইক দেখি কোনেও কব নোৱাৰিব যে something happen to her..
সুনীতাৰ stopage ওচৰত আছিল so তাই থিয় হল।চপ্নাই নিজৰ সোঁহাতখন আগবঢ়াই দিলে সুনীতাৰ ফালে আৰু সুনিতাই দুয়োখন হাত আগবঢ়াই দিলে আৰু দুয়ো দুয়োকে সাবটি ধৰিলে।দুয়োজনেই জানিছিল যে সিহঁত দুয়োজনেই ইজনে সিজনক আৰু কেতিয়াও লগ নাপাই । অৰ্থাৎ হিন্দীত এষাৰ কথা আছে "মেৰে আখো নে ৰংগে হাথো পকড়া হে বাৰ বাৰ..খুলকে জিনাটো চাহটে হো মগৰ ঘবৰাটে হো হৰবাৰ"
Nothing is special than TODAY.. so we should always try to make this moment beautiful..