✍️তুষাৰ ৰঞ্জন কাশ্যপ
" ইমানখিনি পঢ়া-শুনা মই এনেই কৰিলো নেকি?চাচোন বাৰু প্লেন্ট পেথ'লজিৰ নিচিনা চাবজেক্ট এটাত পি এইচ দিত চিট পাবলৈ কিমান টান। ইমান ভাল স্ক'প থকা চাবজেক্ট এটাত চান্স পাইয়ো এতিয়া মই বিয়াত বহিবৰ কাৰণেই এৰি দিম নে কি? মাথাটো গৰম হৈ যায় একদম।"
চেপা মাতটোৰে যিমান পাৰি সৰু সৰুকৈ নেহাই কাৰোবাৰ লগত পাতি থকা কথাখিনি অলপ অলপকৈ কাণত পৰিল অনুৰাধাৰ।এইকেইদিন বাৰিষাৰ মেঘটোৰ দৰেই গোমা হৈ আছে ঘৰখনৰ পৰিবেশটো। নেহালৈ বিয়াৰ প্ৰস্তাৱটো অহাৰে পৰা ছোৱালীজনী যে মানসিক অন্তৰ্দণ্ডত ভুগি আছে সেই কথা মাক হিচাপে তাইৰ চকুহাল চায়েই ধৰিব পাৰিছে তেওঁ।
"হেৰা আমাৰ অফিচৰ এই গহীন ফুকনৰ ভাগিনীয়েক ল'ৰাটোৰ কথা সিদিনা যে তোমাক কৈছিলো। কিয় যোৱাবাৰ ফুকনৰ ঘৰলৈ যাওতে যে লগ পাইছিলোঁ হাঁহিমুখীয়া ল'ৰাটো তোমাৰ জানো মনত নাই? ল'ৰাটোৱে বেংকত চাকৰি কৰে। বিয়াৰ কাৰণে বোলে ছোৱালী বিচাৰি ফুৰিছে। ফুকনে আকৌ আমাৰ মাজনীৰ কথাটো উলিয়ালে।ঘৰৰ একমাত্ৰ ল'ৰা,পৰিয়াল বুলিবলৈ মাক-দেউতাক আৰু সি। বেয়া নহ'ব বুজিছা, মই অহা সপ্তাহত তেওঁলোকক আহিবলৈকে কৈছো।"
আবেলি অফিচৰ পৰা আহি দেউতাকে মাকক উদ্দেশ্যি কোৱা কথাষাৰত একপ্ৰকাৰ উচপ খাই উঠিছিল নেহা। হাৰে যোৱা মাহতে নেট ক্লিয়েৰ কৰিছে তাই। পি এইচ ডিৰ এন্ট্ৰেন্সতো ৰেংক লিষ্টত তাই টপ টেনৰ ভিতৰত। মানে চিট পোৱাতো একপ্ৰকাৰ খাটাং। সকলোবোৰ জানি শুনিও দেউতাকে তাইৰ বিয়াৰ যো-জা চলাইছে অথচ তাইকে একো এটা নোসোধাকৈ।
"পাপা মোৰ এতিয়াই বিয়াত বহিবলৈ মন নাই।" দেউতাকৰ সিদ্ধান্তৰ ওপৰত মাতমতাৰ সাহস সিহঁতৰ ঘৰখনৰ বাকী তিনিটা প্ৰাণীৰ নাই। পোনপ্ৰথম বাৰলৈ কোনোমতে সাহ কৰিছিল নেহাই।
"এতিয়াই বিয়াত বহিবলৈ মন নাই মানে?বয়স কি ৰৈ থাকিব নেকি? মোৰ ৰিটায়াৰমেন্টলৈ আৰু কেইটা দিন আছে। তাৰ মাজতে সকলো কৰিব নালাগিব? ই বুবুৱে এইবাৰ এইচ এচ পাচ কৰিব। তাৰ পাছত তাৰ পঢ়াৰ খৰচ নাবাঢ়িব?" দেউতাকক এইবোৰ কথাতেই তাইৰ ভাল নালাগে। কেৱল নিজৰ কথাটোত গুৰুত্ব দিয়ে।
"কিন্তু পাপা এইবাৰটো মোৰ পি এইচ ডিত এদমিশ্যন হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ আছিল।"
"মই ল'ৰাটোৰ ঘৰখনৰ লগত কথা পাতিছো। তুমি ইচ্ছা কৰিলে বিয়াৰ পাছতো পঢ়িব পাৰিবা বুলি তেওঁলোকে কৈছে। মই তেওঁলোকক প্ৰায় কথা দিছো, অহাসপ্তাহত তেওঁলোকে চাবলৈ অহাৰ কথা।গতিকে....."
নেহাৰ সকলো আপত্তিয়েই নৰজিল। দেউতাকলৈ প্ৰচণ্ড খং এটা উঠে তাইৰ। সব ডিচিশ্যন কি তেওঁ অকলেই ল'ব? তাইৰোতো নিজৰ ভাল লগা নলগাবোৰ বাচ বিচাৰ কৰাৰ অধিকাৰ আছে। মনত গুজৰি গুমৰি থাকিলেও দেউতাকৰ ৰঙা চকুহালৰ কথা ভাবিয়েই কও কওকৈ থকা কথাবোৰ কব পৰা নাই নেহাই। মুখেৰে নক'লেও এই বিয়াৰ প্ৰস্তাৱটোলৈ তাইৰ যে অকণমানো সমৰ্থন নাই তাইৰ কথা কাণ্ডবোৰে তাকেই প্ৰমাণ কৰিছে। অনুৰাধাই ভিতৰি ভিতৰি লক্ষ্য কৰিছে কথাই প্ৰতি হাঁহি মাতি থকা ছোৱালীজনীয়ে এইকেইদিন যেন কথা কমকৈ কৈছে। ওলাওতে সোমাওতে বুবুয়ে তাইক আগৰদৰেই চুলিকোছাত ধৰি টানিছে, চিকুটটো মাৰি জোকাই চাইছে, তাইহে নিৰ্বিকাৰ। আগতে হোৱা হ'লে "মা চোৱাহিচোন" বুলি নাইবা "পাপা বুবুৱে মোক" এনেদৰে চিঞৰ দুটামান মাৰিলেহেতেন তাই। এইকেইদিন আনহে নালাগে বুবুক ধমক এটাও দিয়া নাই নেহাই। দিনটোৰ সৰহভাগ সময় ৰুমটোতে পাৰ কৰিছে তাই।
কাইলৈ আলহী আহিব, ব্যস্ততা বাঢ়িছে ঘৰখনত। বিধ বিধ বস্তুৰে ভৰি পৰিছে ঘৰখন।দেউতাক ঘৰত নাই, দুপৰীয়াতে গৈছে বজাৰলৈ।দেউতাকৰ ফালৰ জেঠায়েকজনী পিচদিনা পুৱাই আহি পোৱাৰ কথা। মোমায়েক-মামীয়েকহাল কাইলৈ আহিব নোৱাৰে। ফোনতে খা-খবৰ এটা লৈছে তেওঁলোকে, দুই এটা পৰামৰ্শও দিছে। অনুৰাধা সৰহ সময় কিটছেনতে ব্যস্ত হৈ আছে দুদিনমান। মিঠাই ঘৰত থাকিলেও নিজ হাতেৰে বনোৱা লাড়ু পিঠাকেইটাৰে আলহীক চাহ-কাপ যাচিবলৈ ভাল পায় তেওঁ। বুবুৰ হতুৱাই আগদিনাই অনাইছিল নাৰিকল দুটা। নেহাক নাৰিকল কেইটা ৰুকিবলৈ দি পিঠা কেইটা বনোৱাৰ কথা ভাবিছিল তেওঁ। জীয়েকক মাতিবলৈ আহি অনুচ্চ স্বৰত তাই পাতি থকা কথাবোৰ শুনি ৰুমৰ সন্মুখতে ৰৈ গ'ল অনুৰাধা। কাৰোবাৰ লগত কথা পাতি আছে নেহাই, বোধহয় লগৰ ছোৱালীৰ লগত।
"হা হা কি কৈছ? মায়ে? থোৱা হে আমাৰ মাতৃদেৱীক তুমি লগ পোৱা নাই সেইকাৰণে তেনেকৈ ভাবিব পাৰিছা।আজিলৈকে পাপাৰ ডিচিশ্যনবোৰত মূৰটো দুপিয়াই চাপৰ্ট কৰি যোৱাৰ বাহিৰে তেওঁক বেলেগ কিবা কৰা মই নেদেখিলো। তেওঁক তুমি সেই নাৰিকলৰ লাড়ুটো বনাবলৈ কেইটা নাৰিকলত কেইকাপ চেনী লাগে সেইয়া সুধিবা, এপোৱা গাখীৰেৰে কেইটা পেৰা বনাব পাৰি সেইটো সুধিবা। সেইবোৰহে জানে তেওঁ।কৈছো তো পাপাৰ ডিচিছনৰ এগেইনষ্টত যোৱাৰ সাহস আমাৰ ঘৰখনত কাৰোৰে নাই। তহঁতৰ দৰে সব ভাগ্যবান নহয় নহয়।"
কিবা এটাই খুন্দা মাৰি ধৰাৰ দৰে লাগিল অনুৰাধাৰ বুকুখনত। ঠিকেইতো কিনো মিছা কথা কৈছে নেহাই। বিয়াৰ পাছৰে পৰাতো কেৰাহীখন, হেতাখন কৰিয়েই তেওঁ পাৰ কৰিলে সময়বোৰ।ঘৰখনৰ কথাবোৰত মানুহতোৰ মতবোৰতেই সন্মান কৰি গ'ল পত্নী হিচাপে।কিন্তু তেওঁৰ মনটোক জানো ঘৰখনৰ কোনোবা এটাই আজিলৈকে বুজিবলৈ চেষ্টা কৰিলে নে?ঘৰখনৰ কোনে কি খাই ভাল পায় কি বেয়া পায় সেইয়া তেওঁৰ নখদৰ্পনত। কিন্তু তেওঁৰ ভাললগা বেয়ালগাটোক আজিলৈকে কোনোবাই বুজিলেনে? চকুহাল সেমেকি উঠিল অনুৰাধাৰ। পুৰণি দুখৰীয়া ছবি এখনে বাৰে বাৰে আহি আমনি কৰিলে তেওঁক।
কলেজখনৰ সেইসময়ৰ বেষ্ট চিংগাৰ অনুৰাধাৰ প্ৰেমত ক'ব নোৱাৰাকৈয়ে পৰি গৈছিল প্ৰভাত দুৱৰা। অনুৰাধা টি.ডি.চি ছেকেণ্ড ইয়েৰত থাকোতে দুৱৰা সেইসময়ৰ ফাইনেল ইয়েৰৰ ছাত্র। ডিগ্ৰীটো পাছ কৰাৰ পাছতে ট্ৰেজাৰি অফিচৰ চাকৰিতো পালে প্ৰভাত দুৱৰাই, অনুৰাধা তেতিয়া ফাইনেল ইয়েৰত। চাকৰিৰ পাচতো প্ৰেমৰ সম্পৰ্কতো চলি থাকিল দুয়োৰে। লাহে লাহে ঘৰদুখনেও গম পোৱা হয় কথাবোৰ।
প্ৰভাতৰ মাকজনীৰ ডাঙৰ বেমাৰ এটাই দেখা দিলে সেই সময়তে। ডাক্তৰে হাত দাঙিলে। মাকজনীৰ শেষ ইচ্ছা নিজহাতে বোৱাৰীজনীক ঘৰ সুমুওৱাৰ। অনুৰাধা ছোৱালীজনী সাদৰী,ঘৰ ধৰিব পৰা বিধৰ। প্ৰভাত দুৱৰাৰ ঘৰখনেও মনে প্ৰাণে অনুৰাধাক বিছাৰিলে বোৱাৰী হিচাপে। পাচজনী ছোৱালী আৰু এটা ল'ৰাৰে পৰিয়ালটোৰ ডাঙৰ জীয়ৰী অনুৰাধা। তাতে প্ৰভাত দুৱৰা চৰকাৰী চাকৰি থকা ল'ৰা।হাততে সৰগ ঢুকি পোৱা যেন পালে অনুৰাধাৰ দেউতাকে। দুৱৰাৰ মাক কেইটামানদিনৰ আলহী, বিয়াখন সোনকালে হোৱাত জোৰ দিলে তেওঁলোকৰ ঘৰখনে। দুই নাওঁ দুই ভৰিৰ দৰে অৱস্থা হ'ল অনুৰাধাৰ। বিয়াত বহা মানেই তাইৰ ডিগ্ৰীটো অসম্পূৰ্ণ হৈ ৰোৱা। অনুৰাধাৰ ইচ্ছা আছিল বি.এ কমপ্লিট কৰি ইউনিভাৰ্চিটিত এম.এ কৰিবলৈ যোৱাৰ।সপোন আছিল গায়িকা নহ'লেও গান গোৱাৰ অভ্যাসটো চলাই থকাৰ। অৱশ্যে প্ৰভাত দুৱৰাৰ ঘৰখনে আশ্বাস দিলে ইচ্ছা কৰিলে তাই বিয়া হোৱাৰ পাছতো ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব।
এফালে সপোনবোৰ আনফালে প্ৰিয়জন। এইবোৰৰ মাজতেই এদিন ন-কইনাৰ সাজেৰে দুৱৰাৰ ঘৰৰ পদূলি গছকি বোৱাৰী হ'লগৈ তাই। বোৱাৰী হৈ ঘৰ সোমোৱাৰ অলপ দিন পিছতেই শাহুৱেক শয্যাশায়ী হ'ল। দীঘল ওৰণিখন লৈ পাৰেমানে শুশ্ৰূষা কৰিলে অনুৰাধাই। শাহুৱেক এদিন গ'লগৈ, তাৰ অলপ দিন পাছতে শহুৰেকো ঢুকাল। অনুৰাধাৰ ডিগ্ৰীটোহে ত্ৰিশংকু স্বৰ্গ আৰু মৰ্ত্যৰ মাজত ওলমি ৰোৱাৰ দৰে ওলমি থাকিল। বছৰবোৰ বাগৰি গ'ল, তাৰ মাজতে পাঁচবছৰৰ অগা পিছাকৈ নেহা আৰু বুবুৱে আহি তেওঁৰ কোলাখন শুৱনি কৰিলে। ল'ৰা-ছোৱালী, ঘৰ-সংসাৰ এইবোৰৰ মাজতে অনুৰাধাৰ সপোনটোও যেন কোনোবা এচুকত পৰি ৰ'ল।বিয়াৰ আগতে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া মানুহটোৱেও বিয়াৰ পাছতেই সকলোবোৰ পাহৰি গ'ল।সংসাৰৰ ব্যস্ততাৰ মাজত যেন তেওঁৱো পাহৰি পেলালে সকলোবোৰ। আজি নেহাৰ কথাবোৰে অনুৰাধাক আকৌ হঠাৎ মনত পেলাই দিলে কথাবোৰ।
ড্ৰয়িং ৰুমৰ কথোপকথনবোৰৰ কিছু কিছু কথা কিটছেনলৈকে শুনিছে অনুৰাধাই। তাৰমাজতে গহীন ফুকনে ৰসিকতা কৰি কোৱা কথাবোৰত সকলোৱে মৰা হাঁহি গিৰ্জনিবোৰো কানত পৰিছে তেওঁৰ। আলহীঘৰীয়া বুলিবলৈ ল'ৰাটোৰ পৰিয়াল আৰু উমৈহতীয়া চিনাকি হিচাপে গহীন ফুকন। ইতিমধ্যে চা-চিনাকি, চাহ-জলপানৰ পৰ্ববোৰ শেষ কৰি সকলোৱে মূল কথাবোৰত আগবাঢ়িম বুলিয়েই ৰৈ আছে। মাত্ৰ অনুৰাধা আজৰি হোৱালৈ অপেক্ষা কৰিছে সকলোৱে। মাক হিচাপে তেওঁৰ উপস্থিতিও সকলোৱে বিছাৰিছে আলোচনাত। কাম বুলিবলৈ তেনেকৈ নায়েই, ডাইনিংখন চিজিল কৰি বাতি কাঁহীবোৰ ধুবলৈ আছে। হওতে কামকৰা ছোৱালীজনী আছে।পিছে নিজেই দেখুৱাই নিদিয়ালৈকে শান্তি নাপায় অনুৰাধাই। ছোৱালীজনীক কামকেইটা দেখুৱাই হাতখন মুচি মুচি ড্ৰয়িং ৰুমৰ আলোচনাটোত ভাগ লবলৈ বুলি সোমাই গ'ল অনুৰাধা। সকলোৱে যেন তেওঁ অহালৈয়ে বাট চাই আছিল।
"তেতিয়া সকলোফালে মিলিলে আৰু আগহে বাঢ়িব লাগে নে কি কয়?" গহীন ফুকনেই আৰম্ভ কৰিলে।
"আমাৰ ছোৱালী পচন্দ হৈছেই যেতিয়া আপোনালোকৰ আপত্তি নাথাকিলে সোনকালে আগবাঢ়ো আৰু দুৱৰা।"
"আমাৰ কিন্তু আপত্তি আছে।" অনুৰাধাৰ ধীৰ স্থিৰ অথচ গম্ভীৰ মাতটোত একপ্ৰকাৰ ৰৈ গ'ল কোঠাটোত থকা সকলো।
"বিয়া এখন হ'বলৈ হ'লে প্ৰথম সিহঁতহালৰ মতামত লোৱাটো দৰকাৰ। সকলো ঠিৰাং কৰি লোৱাৰ আগত তাইক এবাৰ সোধা হ'ল জানো তাইৰ মনটোৱে বা কি কয়? পি এইচ দি কৰিবলৈ মন তাইৰ, এইবাৰ এন্ট্ৰেন্সো ক্লিয়েৰ কৰিছে। তাৰ পাছতো ছোৱালীজনীৰ সপোনবোৰ ভাঙি পেলোৱাৰ অধিকাৰ আমাৰ আছে নে?নে ছোৱালী হোৱাৰ বাবেই তাই নিজৰ সপোনবোৰ আনৰ বাবে বিসৰ্জন দি যাব।" বহুত কিবাকিবিয়েই কৈ পেলালে অনুৰাধাই, ক'ৰ পৰা যে সাহস পালে তেওঁ নিজেই নাজানিলে। বাধা দিবলৈও যেন পাহৰি গ'ল প্ৰভাত দুৱৰাই। এক মুহুৰ্তৰ বাবে মুক হৈ পৰিল সকলো।
আলহী গ'লগৈ, ছোৱালীয়ে পি এইচ ডি কমপ্লিট কৰালৈকে তেওঁলোক ৰব নোৱাৰিব। বিয়াখন নোহোৱাৰ আওপকীয়াকৈ ইংগিত এটা দি গ'ল তেওঁলোকে। গোমা হৈ পৰিল ঘৰখন আকৌ।
"চৰী মা" আলনাদালত কাপোৰ জাপি থকা অনুৰাধাক সাবটি ধৰি উচুপি উঠিল নেহা।
"চৰী কিয় আকৌ" মৰমেৰে সুধিলে অনুৰাধাই।
"তোমাক আমি অতদিনে ভুল বুজিয়েই থাকিলো। কালি আনকি মোৰ ফ্ৰেইণ্ডছবোৰকো তোমাৰ কথা কিমান যে কি ক'লো। তুমি সচাই বহুত ভাল জানা। পাপাই চাগে এতিয়া তোমাক বহুত কিবা কিবি ক'ব।"
"কিয় কিবা কিবি ক'ম মই। মাৰেনো কি ভুল কথাটো ক'লে। তোৰ ভবিষ্যতটোৰ কথা ভালকৈ ভাবিয়েইটো তেওঁ কৈছে। মুঠতে পি এইচ দি কমপ্লিট নোহোৱালৈকে তোৰ বিয়া নহয়। মই গহীন ফুকনক কৈয়ে পঠাইছো।নে মই কিবা ভুল ক'লো নেকি অ' মাজনী" অতপৰে মাক-জীয়েকৰ কথাবোৰ শুনি থকা দেউতাকৰ কথাষাৰত মনটো ভাল লাগি গ'ল নেহাৰ। একে জাপেই গৈ এইবাৰ তাই দেউতাকক সাবটি ধৰিলে।
"এইজনী মানে বুঢ়ী হ'ল তথাপি সৰুকালৰ স্বভাৱবোৰ নগ'ল আৰু। চাও যাচোন তোৰ হাৰমনিয়ামখন লৈ আন।" কৃত্ৰিম ধমক এটা দিলে দেউতাকে।
"হাৰমনিয়াম কিয়?" দেউতাকৰ কথাত একপ্ৰকাৰ আচৰিত হ'ল তাই।
"আনচোন গম পাবি নহয়।" ৰেগদালৰ ওপৰতে থকা হাৰমনিয়ামখন নমাই আনিলে নেহাই। সৰুতে সেইখন দেউতাকে তাইক গান শিকিবলৈ আনি দিছিল।নেহা কলেজত পঢ়িবলৈ যোৱাৰে পৰা ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছিল সেইখন।
"হেৰা বহুত দিন তোমাৰ গান শুনা নাই হে। আজি এটা শুনাবানে?" হাৰমনিয়ামখনৰ ধূলিখিনি কাপোৰ এখনেৰে চাফা কৰি অনুৰাধালৈ আগবঢ়াই দিলে প্ৰভাত দুৱৰাই। চকুহাল ধুৱলি কুৱলি হৈ পৰিল অনুৰাধাৰ।
"মা তুমি গানো গোৱা। ইমান দিনে কোৱা নাছিলা কিয়।"
"হেৰৌ কবলৈ আমি জানো কেতিয়াবা সুবিধা দিলো। তহঁতি গমেই নাপাৱ, কলেজত পঢ়ি থাকোতে মাৰে গান গায়েইতো মোৰ হৃদয়খন চুৰ কৰিছিল। হেৰা তোমাৰ ভাল লগা গানটোযে ফ্ৰেচমেনত যে গাইছিলা গোৱা আকৌ।"
দেউতাকৰ ৰসিকতাত হাঁহি দিলে আটায়ে। কৰবাৰ পৰা আহি বুবুৱেও যোগ দিলেহি ৰসাল আদ্দাতোত। আনন্দৰ অশ্ৰু দুধাৰিয়ে গাল দুখন তিয়াই নিলে অনুৰাধাৰ। এৰা কিমান দিনৰ পাছত যে তেওঁৰ ভিতৰৰ মানুহজনীয়ে এনেকৈ মনখুলি হাঁহিব পাৰিছে। কিমান দিনৰ পাছত যে আকৌ এনেকৈ হাৰমনিয়ামখন হাতত ল'ব পাৰিছে। চাদৰৰ আঁচলখনেৰে চকুহাল মোহাৰি অনুৰাধাই আৰম্ভ কৰিলে তাহানি কলেজৰ ফ্ৰেচমেন চচিয়েলত গোৱা তেওঁৰ প্ৰিয় গীতটি--
"নদী মাথো বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে?"

Dhunia! 🙌