বহু বছৰ আগতে গুণগুনাইছিলো এটি কলি,
এটি-দুটি কলি মিলি অজানিতে হৈছিল সূৰ ছন্দ,
সেই অজানিতে সৃষ্টি হোৱা সূৰ-ছন্দবোৰ
ৰুপান্তৰিত হৈছিল শব্দলৈ,
শব্দবোৰ একীভূত হৈছিল কবিতালৈ।
এটি নিজৰ কবিতা,
ভারি যিমান আনন্দিত হৈছিলো,
তাতোতকৈ পাইছিলো মই সকাহ।
সকাহ যে মোৰ অব্যক্ত কথাবোৰ ব্যক্ত হৈছিল শব্দলৈ,
প্রকাশ কৰিব পাৰিছিলো ভারনাবোৰ,
আৰু অলিখিত কথাবোৰ হৈছিল লিখিত।
সেই অনুৰক্তি আজিও এৰাব পৰা নাই মই,
চিৰদিন সাচিঁ ৰাখিম সেই মুহূর্ত,
আৰু এদিন সেই মুহূর্তবোৰ হৈ উঠিব
এটি বিনন্দীয়া কবিতা।।।
PS: How & Why I started writing.
Xundor!