ব্যস্ততা ভৰা দিনটোৰ অন্তত আনন্দ চুইটচত অংশুমানে তাৰ বন্ধু পল্লবৰ সৈতে গধূলীৰ চাহ কাপৰ আমেজ লৈ থাকোঁতেই এটি পূৰণি স্মৃতিয়ে তাৰ মনত ভূমুকি মাৰিলেহি।অংশুমানৰ মুখত হাঁহি দেখি পল্লৱে সুধিলে ..."অই কি হল ..অকলে অকলে হাঁহি আছ যে?"অংশুমানে মিচিকিয়া হাঁহি মাৰি উত্তৰ দিলে "এটা পূৰণি স্মৃতিয়ে ভূমূকি মাৰিলেহি মনত।কি জান পল্লব এইয়া 2 বছৰ মান আগৰ কথা ।এদিনাখন এইখন দোকানৰ সন্মুখতে মই এজন অফিছৰ বন্ধুৰ লগত তাৰ গাড়ীত বহি কথা পাতি আছিলোঁ ।কথা পাতি থাকোতে নাজানোঁ মোৰ কিয় এনে লাগিছিল যেন মোক কোনোবাই লক্ষ্য কৰি আছে আৰু আমাৰ গাড়ীৰ ফালেই আহি আছে।মই মোৰ সন্দেহ দূৰ কৰিবলৈ মূৰটো ঘুৰাই চোৱা মাত্ৰকে দেখিলোঁ যে এজনী ধুনীয়া ছোৱালী মোৰ ফালে চাই মোৰ সন্মুখতে থিয় হৈ আছে।হ্য়তো জুন মাহৰ প্ৰচন্দ গৰম তাই সহ্য কৰিব পৰা নাছিল নতুবা মূৰৰ চুলিকোছা ওপৰত খোপা মাৰি বন্ধা তাইৰ এটা style আছিল।ট্ৰেফিকৰ ইমান ভিৰ গাড়ী মটৰৰ ধোঁৱাৰ মাজতো মোৰ এতিয়াও মনত আছে তাইৰ সেই চকুযুৰিৰ উজ্জ্বলতা আৰু তাইৰ সেই হাঁহি ..উফফফ...।কেতিয়াবা এনেকুৱা হই যে কাৰোবাৰ হাঁহি দেখিলে আমাৰ মুখতো হাঁহি বিৰিঙী উঠে লাগিলে সেইয়া কোনো অচিনাকিয়ে নহওঁক কিয় আমাৰ কাৰণে ।ঠিক তেনেকুৱাই আছিল তাইৰ সেই হাঁহি ।15 ছেকেণ্ডৰ বাবে আমি দুয়ো দুয়োৰে চকুৰ পিনে চাইছিলো ।চকুৰ খেলা চলি থকাৰ মাজতে realize কৰিলো যে মোৰ heartbeat 70 ৰ পৰা যাই 117 পাইছেগৈ আৰু তাৰ পিছত তাই মোৰ ফালে চাই এটি মিচিকিয়া হাঁহি মাৰিলে আৰু প্ৰত্যুত্তৰত মোৰ মুখতো এটি হাঁহি বিৰিঙি উঠিল।এই গোটেই ঘটনাতো 15 ছেকেণ্ডত শেষ হৈ গল ।তাইতো তাৰ পৰা গুছি গল but মোৰ মনটোও যেন লৈ গল তাইৰ লগত । মই মোৰ বন্ধু জনক এই গোটেই কথাখিনি কলোঁ আৰু সি ক'লে "তই এটা কথা গম পাওঁ নে।এই 15 ছেকেণ্ডত তই যেন বেলেগ এজন আছিলি ।মই নাজানোঁ তহঁত দুয়োজনৰ মাজত কি হৈছিল but I think এক হায় হেল্ল তো বনতা হেয়্..." মই বেছি একো নাভাবি গাড়ীৰ পৰা নামি ছোৱালীজনী যি direction ত গৈছিল সেইফালে যাব আৰম্ভ কৰিলো।ৰাস্তাৰ দুয়োফালে যিমান মানুহ আছিল সকলোৰে তাত সেই ছোৱালীজনীৰ চেহেৰা বিচাৰিব চেষ্টা কৰিলো। এবাৰ মাত এটি দিয়াৰ হেপাহেৰে প্ৰত্যেকটো কলনি, প্ৰত্যেকখন দোকান বিচাৰি চলাথ কৰিলো। আধাঘন্টালৈকে ক'তো বিচাৰি নাপাই মনটো সেই ছোৱালীজনীৰ ওচৰতে থৈ পুনৰ গাড়ীলৈ উভটি আহিলো। পৃথিৱীৰ সকলোতকৈ ছুটি প্ৰেম কাহিনীৰ এটি অংশ হৈ নিজে নিজৰ আধৰুৱা কাহিনীৰ অংশ হৈ উভটি আহিলো।গাড়ীত বহি মই মোৰ বন্ধুজনক কিবা এটা খোজা মাত্ৰকে কোনোবাই খিৰিকীত নক্ কৰিলে আৰু দেখিলো ইমানপৰে বিচাৰি ফুৰা সেই ছোৱালীজনী মোৰ সন্মুখত থিয় হৈ আছিল।একথৰে ছোৱালীজনীৰ পিনে চাই থাকোতেই ছোৱালীজনীয়ে ক'লে -"excuse me..Haii আপুনি লৰালৰিকৈ আহোঁতে ৰাস্তাত আপোনাৰ ৰুমালখন পৰি গৈছিল ।মই ভাবিলো আপোনাক দি যাও।" মুখেৰে যিয়েই নকওক আমাৰ চকুৱে কিন্তু মনৰ কথা ভালকৈয়ে ব্যক্ত কৰিছিল ।ক্ষন্তেক সময়ৰ হায় হেল্ল ৰ অন্তত তাই গুচি গল মোৰ হেৰাই যোৱা মনটো মোৰ ওচৰত ওভটাই দি ..নিজকে মোৰ মনৰ স্মৃতিৰ এক অংশ বনাই..তাই গুচি গল। আৰু ৰেডিঅত বাজি উঠিছিল সেই গানটি.. ৱহ অচানক আ গয়ি য়ু নজৰ কে চামনে জেইছে নিকল আয়া ঘটা চা চান্দ মে অকেলা থা মগৰ বন গয়ী ৱোহ হমচফৰ দিন মে ৰাত হো গয়ী ... এক অজনবী চে য়ু মুলাকাত হো গয়ী ..